
নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। উত্তৰ প্ৰদেশৰ গাজীপুৰত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। তেওঁ দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, ভুক্তভোগীৰ পৰিয়ালৰ নিৰাপত্তা, ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰাহুল গান্ধীয়ে হাথৰাছ, কথুৱা, উন্নাও, আৰু এতিয়া গাজীপুৰৰ ঘটনাক আৰ্হি হিচাপে বৰ্ণনা কৰি কয় যে প্ৰতিবাৰেই ভুক্তভোগী দলিত, পিছপৰা শ্ৰেণী, জনজাতীয়, বা দুখীয়া আৰু অপৰাধীয়ে সুৰক্ষা লাভ কৰে। মণিপুৰ কাণ্ডৰ কথাও উল্লেখ কৰে।
ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে চৰকাৰে প্ৰতিবাৰেই মৌনতা অৱলম্বন কৰে আৰু যিসকলে মাত মাতিব বুলি আশা কৰা হৈছে তেওঁলোকে মৌন হৈ থাকে। যিখন দেশত পিতৃ-মাতৃয়ে কন্যাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ ভিক্ষা খুজিবলগীয়া হয়, সেইখন চৰকাৰৰ ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰ নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া