
বৰপেটা, ২৫ এপ্ৰিল (হি.স.)। বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত ১ নং চাছৰা গাঁৱত ভুমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হৈছে এক ভয়ানক মাৰপিটৰ ঘটনা। জানিব পৰা অনুসৰি,কায়েম আলী আৰু আলফেজ আলীৰ পৰিয়ালৰ মাজত এডোখৰ ভূমিক কেন্দ্ৰ কৰি বহুদিন ধৰি বিবাদ চলি আছিল।
আজি পুৱাৰ ভাগতে পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে,আৰু আলফেজ আলীয়ে কায়েম আলীৰ ঘৰ দুৱাৰ ভাঙিবলৈ অহাৰ অভিযোগ উত্থাপন কৰে।উক্ত ঘটনাত বাধা প্ৰদান কৰিবলৈ গৈ কায়েম আলীক লক্ষ্য কৰি আলফেজ আলীৰ পৰিয়ালৰ প্ৰায় ১৫-২০ জন লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে।
অভিযোগ অনুসাৰে,আক্ৰমণকাৰী সকলে কাঠৰ বাটামৰে কায়েম আলীৰ মূৰত প্ৰহাৰ কৰে,ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।গুৰুতৰ আঘাতপ্ৰাপ্ত কায়েম আলীক ততাতৈয়াকৈ পৰিয়ালৰ লোকে মন্দিয়া আদৰ্শ চিকিৎসালয়লৈ লৈ যায়। তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত তেওঁৰ অৱস্থা অধিক সংকটজনক হোৱা বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইফালে,ঘটনাটোক লৈ কায়েম আলীৰ পৰিয়ালৰ লোকে মন্দিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ নিৰপেক্ষ তদন্তত হে প্ৰকৃত ঘটনাটো পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ