
ধুবুৰী, ২৫ এপ্ৰিল (হি.স.)। ধুবুৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱক। চাৰিচকীয়া বাহন আৰু মটৰ চাইকেলৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। ধুবুৰী চহৰৰ জি টি বি ৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱক।
আহত যুৱক জনক ঝগৰাৰপাৰ প্ৰথম খণ্ড অঞ্চলৰ ইন্দাদুল হক বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত যুৱক জনক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা পৰিলক্ষিত হৈছে। এএছ ০১ডিডব্লিউ ১১৯০ চাৰিচকীয়া বাহন খন ঘূৰাবলৈ লওঁতেই এএছ ১৭কিউ ১৩৬৬ নম্বৰৰ মটৰ চাইকেল খনে তীব্ৰ বেগেৰে আহি চাৰিচকীয়া বাহনখনত খুন্দা মাৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
ঘটনাস্থলীত ধুবুৰী যান বাহন আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰি থানাত লৈ গৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু