(আপডেট ) ভয়ংকৰ অভিযোগৰ পিছতেই গৌৰীপুৰৰ নিবাৰণ ৰিহাৱ চেন্টাৰত আৰক্ষীৰ বৃহৎ অভিযান
(আপডেট ) গৌৰীপুৰত আৰক্ষীৰ বৃহত অভিযান।
(আপডেট ) ভয়ংকৰ অভিযোগৰ পিছতেই গৌৰীপুৰৰ নিবাৰণ ৰিহাৱ চেন্টাৰত আৰক্ষীৰ বৃহৎ অভিযান


ধুবুৰী, ২৫ এপ্ৰিল (হি.স.): ধুবুৰীৰ গৌৰীপুৰৰ নিবাৰণ ৰিহাব চেণ্টাৰৰ বিৰুদ্ধে উত্থাপিত ভয়ংকৰ অভিযোগৰ পিছতেই আৰক্ষীৰ দলে বৃহৎ অভিযান চলায় ।আৰক্ষীৰ অভিযানত ৬ জনক আটক কৰাৰ লগতে ৯ জনকৈ ৰোগীক উদ্ধাৰ কৰে গৌৰীপুৰ আৰক্ষীয়ে । অৱশ্য এতিয়াও মুল অভিযুক্ত জহিৰুল শ্বেখ পলাতক হৈ আছে । উদ্ধাৰ কৰা লোক সকলক পৰিয়ালক গতাই দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।

নিবাৰণ ৰিহাব চেণ্টাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ চিকিৎসাৰ বিৰুদ্ধে ৰোগীক দিয়া হৈছিল অমানবীয় শাৰীৰিক আৰু মানসিক হাৰাশাস্তি । অত্যাচাৰ সহিব নোৱাৰি ৫ জন কৈ যুৱক চাৰি তলাৰ পৰা জঁপিয়াই পলাই আহিছিল ঘৰলৈ। অভিযোগ অনুসৰি বল পূৰ্বক গো মাংস ভক্ষণ কৰোৱাৰ হয় নিবাৰণ ৰিহাৱ চেন্টাৰত । বলপূৰ্বক ভাৱে ভাল খোৱা আৰু ব্যৱস্থাৰ প্ৰলোভন দি মুচলমান ধৰ্মত ধৰ্মান্তৰিত কৰাৰ বাবেও হেঁচা প্ৰয়োগৰ বিস্ফোৰক অভিযোগ তোলে । ইফালে চিচিটিভি নথকা কোঠালিত লাঠিৰে মাৰধৰ কৰাৰ অভিযোগ উঠিছে । ঔষঠ বিচাৰিলে শাৰীৰিক অত্যাচাৰচলোৱা হয় । ৰিহেব চেণ্টাৰৰ শৌচলায় চাফা কৰাৰ পৰা আৰম্ভ কৰি কাপোৰ ধোঁৱা, সকলো কাম কৰোৱাৰো অভিযোগ মালিক আৰু কৰ্মচাৰীৰ বিৰূদ্ধে । ইফালে পলাই অহা ৫ জনৰ ভিতৰত ৩ জনৰ ভৰিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । প্ৰথমতে পৰিয়ালৰ লোকে ধুবুৰী প্ৰেছ ক্লাৱৰ সৈতে যোগাযোগ স্থাপন কৰাৰ পাছতেই ধুবুৰী আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক এই ভয়ঙ্কৰ ঘটনা সন্দৰ্ভত অৱগত কৰা হয় । দিয়া হয় দুখনকৈ এজাহাৰ । পলাই অহা যুৱক এজাহাৰ দাখিল কৰাৰ পাছতেই কালি নিশা প্ৰায় ১১ বজাত গৌৰীপুৰৰ নিবাৰণ ৰিহেব চেণ্টাৰত আৰক্ষীৰ অভিযান।

জানিব পৰামতে, পঞ্জীয়ন ভঅবিহনেই বেআইনী ভাৱে চলাই আহিছিল চেণ্টাৰটো । ৰিহেবত বন্দি হৈ আছিল এজন ৬০ বছৰীয়া জেষ্ট নাগৰিক তথা প্ৰাক্তন সাংবাদিক সহ আন ৮ জনকৈ ব্যক্তি । অইন ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ দৰে অমানৱীয় ঘটনা সংঘটিত হৈ আহিছিল চেণ্টাৰ টোত । নামানিলে লোহৰ ৰোডেৰে ভৰিৰ তলত প্ৰচণ্ড আঘাত কৰাৰ লগতে আঁঠুৰ চাউল আৰু ডালী দি নিল ডাউন কৰিবলৈও বাধ্য কৰাইছিল চেণ্টাৰ টোৰ ষ্টাফ সকলে ।

বন্দি হৈ থকা ব্যক্তি সকলৰ মন্তব্য ধুবুৰী জিলাৰ বিভিন্ন আৰক্ষী থানাৰ পৰাও এই অবৈধ ৰিহেব চেণ্টাৰ লৈ পঠোৱা হৈছিল ৰোগী বা আটক হোৱা নিচাগ্ৰস্ত যুৱকক । ধুবুৰী জিলা প্ৰশাসন সম্পূৰ্ণ নিদ্ৰাত থকাৰ সুযোগ গ্ৰহণ কৰিয়েই এইদৰে এতিয়া অসমৰ বিভিন্ন ঠাইত কাঠফুলাৰ দৰে গঢ়ী উঠিছে ৰিহেব চেণ্টাৰৰ নামত টৰ্চাৰ চেন্টাৰ । যত চিকিৎসাৰ বিৰূদ্ধে চলে বল পূৰ্বক গো মাংস ভক্ষণ, অমানবীয় অত্যাচাৰ, আৰু ধৰ্মান্তৰৰ চেষ্টা চলোৱাৰ দৰে জঘন্য অপৰাধ । ধুবুৰীৰ গৌৰীপুৰৰ এই ঘটনাই জোকাৰি সমগ্ৰ অসমক গৈছে । বিভিন্ন দল সংগঠনে ইয়াৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande