চাৰিদুৱাৰত নৃশংস হত্যাকাণ্ডঃ স্বামীয়ে প্ৰাণ ল’লে পত্নীৰ
শোণিতপুৰ, ২৫ এপ্ৰিল (হি.স.)। অসম অৰুণাচল সীমান্তৰ তথা চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত ছয়মাইলত শুকুৰবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোৰ এক ভিতৰুৱা দুৰ্গম অঞ্চল ছয় মইলৰ বেহেৰ গাঁৱত পুৱতি নিশা প্ৰায় তি
চাৰিদুৱাৰত নৃশংস হত্যাকাণ্ডঃ স্বামীয়ে প্ৰাণ ল’লে পত্নীৰ


শোণিতপুৰ, ২৫ এপ্ৰিল (হি.স.)। অসম অৰুণাচল সীমান্তৰ তথা চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত ছয়মাইলত শুকুৰবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোৰ এক ভিতৰুৱা দুৰ্গম অঞ্চল ছয় মইলৰ বেহেৰ গাঁৱত পুৱতি নিশা প্ৰায় তিনি বজাত স্বামীয়ে হত্যা কৰে পত্নীক৷

উল্লেখযোগ্য যে, দিন হাজিৰা কৰা স্বামী কান্টেশ্বৰ হাজোৱাৰীৰ স’তে পত্নীৰ কোনো কথাত মতানৈক্য ঘটাত মহিলা গৰাকীক এডাল কাঠৰ বাটামেৰে মৰিওৱাৰ ফলত ঘটনাস্থলীতে পত্নী কান্দুৰী হাজোৱাৰী নিহত হয়। এটি সাত বছৰীয়া কন্যা সন্তানৰ মাতৃগৰাকী যোৱা কিছুদিন ধৰি শাৰীৰিক ভাবে অসুস্থ হৈয়ো আছিল৷ এনে অৱস্থাত দুই পতি পত্নী আছিল বায়েকৰ ঘৰত৷ আজি পুৱতি নিশা এই লোমহৰ্ষক ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হোৱা অভিযুক্ত কান্তেশ্বৰৰ আত্মীয়ই কয় যে,ইতিমধ্যেই স্বামীৰ নৃশংস প্ৰহাৰত কান্দুৰী হাজোৱাৰীৰ মৃত্যু ঘটে৷

এই বিষয়ে চাৰিদুৱাৰ আৰক্ষীক জনোৱা হয় আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত হত্যাকাৰী স্বামী কাণ্টেশ্বৰ হাজোৱাৰীক গ্ৰেপ্তাৰ কৰিছে৷

উল্লেখযোগ্য যে, এই নৃশংস হত্যাকাণ্ডটোৰ আঁৰৰ কাৰণ এইপৰ্যন্ত নিশ্চিত হোৱা নাই৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande