
দৰং, ২৫ এপ্ৰিল (হি.স.)। জুবিলীৰ গীত গৰিমাৰ কথাৰে জিপাল হৈ পৰিল মঙ্গলদৈ কেন্দ্ৰীয় ৰঙালী বিহুৰ মঞ্চ।
মঙ্গলদৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত গৰিমা গাৰ্গ আৰু জুবিলীৰ সংগীতানুষ্ঠান।
প্ৰথমে জুবিন গাৰ্গৰ প্রতিছবিত মাল্যাৰ্পণ কৰি মঞ্চত জুবিন গাৰ্গৰ এটাৰ পিছত আনটো কবিতা আবৃত্তি কৰি গীত পৰিৱেশন কৰে গৰিমা গাৰ্গ আৰু জুবিলীয়ে।
উল্লেখযোগ্য যে মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত প্ৰয়াত প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চুক্তিবদ্ধ আছিল।
শুকুৰবাৰে জুবলীৰ লগত সেইখন মঞ্চত গৰিমা গাৰ্গে গীত পৰিৱেশন কৰি সকলো সংগীত প্ৰেমীকে আবেগিক কৰি তোলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা