
দৰং, ২৫ এপ্ৰিল (হি.স.)। মঙ্গলদৈত পুৱতি নিশাৰ ধুমুহাত কথমপি প্ৰাণৰক্ষা তিনিটা পৰিয়ালৰ।
বিধংসী ধুমুহাত প্ৰকাণ্ড গছ উভালি পৰিল মঙ্গলদৈ থানাৰ অন্তৰ্গত গেৰিমাৰীৰ তপন কলিতা, বৰ্ণালী দাস আৰু সবিতা দাসৰ ঘৰৰ ওপৰত।
কথমপি প্ৰাণৰক্ষা শিশু সহ তিনিটা পৰিয়ালৰ।
আনহাতে মঙ্গলদৈৰ বিভিন্ন স্থানত বিধংসী ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। উল্লেখযোগ্য যে পৰিয়াল কেইটিয়ে মঙ্গলদৈ সংমণ্ডল বন প্ৰাধিকাৰী বিভাগক বহুবাৰ আবেদন নিবেদন কৰিছিল ঘৰৰ ওপৰত থকা গছ বোৰ কাটিবলৈ।
কিন্তু বিভিন্ন অজুহাত দেখুৱাই গছবোৰ কাটি দিয়া নাছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা