
গুৱাহাটী, এপ্ৰিল (হি.স.)। গুৱাহাটীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত শিৱসাগৰৰ এজন ছাত্র। মহানগৰীৰ জি. এছ. ৰোডত সংঘটিত এক ভয়ংকৰ দূৰ্ঘটনাত নিহত হোৱা আফ্ৰিদ হুছেইনৰ নিথৰ দেহ শিৱসাগৰৰ জেঙনীকটীয়াৰ নিজ বাসগৃহত নিশা আহি পোৱাৰ লগে লগে যুৱকজনৰ বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। অসংখ্য লোকে চকুলো টুকে যুৱকজনৰ অকাল বিয়োগত।পিছত জিলা খনৰ কবৰস্থানত জানাজা সম্পন্ন কৰা হয়।
উল্লেখ্য যে বৃহস্পতি বাৰে নিশা গুৱাহাটীৰ জি .এছ. ৰোডৰ মাজমজিয়াত শ্ৰীনগৰ ট্ৰেফিক পইন্টৰ ওচৰত সংঘটিত হোৱা এক দুৰ্ঘটনাত অকাল মৃত্যুক সাৱতি লৈছিল যুৱকজনে। এখন চাৰিচকীয়া বাহনত খুন্দা মৰাত দুৰ্ঘটনা সংঘটিত হৈছিল। টয়টা গ' বাহন খনৰ নম্বৰ এএছ ০১ এমএ ৪৫৫৪ আৰু বাইক খন হৈছে য়ামাহা আৰ১৫ বাইক খনৰ নম্বৰ হৈছে এএছ ০১ জিকে ৮৮২৩।
আহত দুয়ো জনক ততাতৈয়াকৈ জি.এম.চি. এইছ. লৈ প্ৰেৰন কৰা হয় যদিও চিকিৎসকে আফ্ৰীদ হুছেইনক মৃত বুলি ঘোষণা কৰে। আহত আন জন বাইক আৰোহীৰ নাম আচিক হুছেইন। আফ্ৰিদ হুছেইনৰ বয়স ২০ বছৰ আৰু ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
আফ্ৰিদ হুছেইনে মাক দেউতাক আৰু নিজৰ কণিষ্ঠ ভগ্নিক এই সংসাৰত এৰি থৈ যায় । ছাত্ৰ জনৰ মৃত্যুত শিৱসাগৰত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা