
নগাঁও, ২৫ এপ্ৰিল(হি.স.)। কলিয়াবৰৰ বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ। পুৱাৰ ভাগত অহা ধুমুহা বৰষুণজাকে কলিয়াবৰৰ ভিন্ন স্থানত বিস্তৰ ক্ষতি সাধন কৰাৰ খবৰ লাভ কৰা গৈছে। ধুমুহাত ভাগি পৰে বহু গছ-গছনি। কলিয়াবৰৰ ৰহঢলাত ধুমুহাত উভালি পৰিল এশ বছৰ পুৰণি আহত গছ।
ধুমুহাত গছ বাগৰি বৈদ্যুতিক তাঁৰ চিগাৰ লগতে খুঁটা বাগৰি পৰাত ব্যাহত হয় বিদ্যুৎ যোগান। বহু কেইটা পৰিয়ালৰ ঘৰত ধুমুহাত প্ৰকাণ্ড গছৰ ডাল ভাঙি পৰাৰ লগতে টিনপাত উৰুৱাই নি বিস্তৰ ক্ষতি সাধন কৰিছে। বাতৰি লিখাৰ পৰলৈ অঞ্চলটোত বিদ্যুত যোগান ব্যাহত হৈ আছে। সম্প্ৰতি প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্য্য চলায় আছে বুলি জানিব পৰা গৈছে। ইফালে আজি পুৱাৰ পৰা দুপৰীয়াৰ ভাগলৈ উজনিৰ পৰা নামনিলৈ বিভিন্ন স্থানত বা মাৰলী তথা প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত ঠায়ে ঠায়ে গছ আদি ভাঙি পৰাৰো খবৰ লাভ কৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা