
গুৱাহাটী, ২৫ এপ্ৰিল (হি.স.)। আগন্তুক তিনি-চাৰি দিনত গুৱাহাটীত হ’ব ধাৰাসাৰ বৰষুণ ৷ গুৱাহাটী মহানগৰী আৰু উপকণ্ঠৰ অঞ্চলবোৰত বিজুলী-ধেৰেকণি আৰু ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই(IMD) ৷ বৰষুণৰ মাত্ৰা ২৪ ঘণ্টাত ৭.২০ চেণ্টিমিটাৰ হোৱাৰ সম্ভাৱনা আছে ৷
বতৰৰ আগজাননী অনুসৰি আহিবলগীয়া কেইটামান দিনত মহানগৰীৰ বিভিন্ন ঠাইত বিজুলী-ধেৰেকণি আৰু ধুমুহা বতাহ অহাৰ প্ৰবল সম্ভাৱনা আছে । ইয়াৰ ফলত চহৰখনত কৃত্রিম বানৰ সমস্যা বৃদ্ধি হোৱাত যান-বাহনৰ চলাচল লেহেমীয়া হোৱা আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত স্থানীয়ভাৱে ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে ।
পৌৰ কর্তৃপক্ষ আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে(ASDMA) পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে ।
বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ সকলো ৰাইজক প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সতর্ক হৈ থাকিবলৈ জনাইছে । দৈনিক যাতায়াত কৰা লোক আৰু দীর্ঘ দূৰত্বৰ ভ্ৰমণকাৰীসকলক ধাৰাসাৰ বৰষুণৰ সময়ত অনাৱশ্যকীয় আহ-যাহ পৰিহাৰ কৰি নিজৰ দৈনন্দিন কাম-কাজ পৰিকল্পনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷ নিম্নভূমি আৰু পাহাৰীয়া অঞ্চলত বসবাস কৰা বাসিন্দাসকলক বান বা ভূমিস্খলনৰ যিকোনো লক্ষণৰ প্ৰতি সজাগ থাকিবলৈ আহ্বান জনাইছে ।
পৰিস্থিতিৰ শেহতীয়া তথ্যসমূহ ASDMA-ৰ আনুষ্ঠানিক ৱেবছাইট https://asdma.assam.gov.in/resource/assam-weather-forecast আৰু সকলো ছ’চিয়েল মিডিয়া হেণ্ডেলত সময়ে সময়ে জনসাধাৰণৰ সজাগতাৰ বাবে আপডেট কৰা হ’ব । গতিকে, ৰাইজক চৰকাৰী বতৰৰ আপডেটৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু বৰষুণৰ এই দীর্ঘকালীন সময়ছোৱাত সুৰক্ষিত হৈ থাকিবলৈ স্থানীয় কর্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনোৱা হৈছে
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া