শিৱসাগৰৰ দিখৌমুখত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত ব্যাপক ক্ষতি
শিৱসাগৰ, ২৫ এপ্ৰিল (হি.স.)। শিৱসাগৰৰ দিখৌমুখত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি। ধুমুহাত বিশটাৰো অধিক পৰিয়ালৰ বাসগৃহ ভাঙি পৰাৰ লগতে টিনপাট উৰুৱাই নিছে। দিখৌমুখ গড়ছিগাত আজি পুৱাৰ ভাগতে অহা ধুমুহা, শিল-বৰষুণত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।পথৰ ওপৰতে বৃহৎ বৃহৎ
শিৱসাগৰৰ দিখৌমুখত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত ব্যাপক ক্ষতি


শিৱসাগৰ, ২৫ এপ্ৰিল (হি.স.)। শিৱসাগৰৰ দিখৌমুখত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি। ধুমুহাত বিশটাৰো অধিক পৰিয়ালৰ বাসগৃহ ভাঙি পৰাৰ লগতে টিনপাট উৰুৱাই নিছে। দিখৌমুখ গড়ছিগাত আজি পুৱাৰ ভাগতে অহা ধুমুহা, শিল-বৰষুণত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।পথৰ ওপৰতে বৃহৎ বৃহৎ গছ উভালি পৰাত গড়ছিগাত যাতায়াত ব্যাহত হৈ উঠিছে।

ধুমুহাত পৰিয়ালৰ বাসগৃহ ভাঙি পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোত বিস্তৰ ক্ষতি হোৱাৰ লগতে বিদ্যুত সেৱা ব্যাহত হৈ উঠিছে। বৰ্তমানলৈ ক্ষতিগ্ৰস্ত লোকৰ কাষত জিলা প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande