আমিনগাঁৱত ₹৭ কোটি মূল্যৰ হেৰ’ইন উদ্ধাৰ, চাৰিগৰাকী মহিলাসহ ৫জনক গ্ৰেপ্তাৰ
গুৱাহাটী, ২৫ এপ্ৰিল (হি.স.)। কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰায় ₹৭ কোটি টকাৰ ড্ৰাগছসহ চাৰিগৰাকী মহিলাকে ধৰি পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত এই পাঁচটা সৰবৰাহকাৰীক ব্যাপক জেৰা অব্যাহত ৰা
असमः कामरूप (ग्रामीण) जिले के अमीनगांव में 7 करोड़ रुपये मूल्य की हेरोइन के साथ गिरफ्तार चार महिला समेत पांच तस्कर


গুৱাহাটী, ২৫ এপ্ৰিল (হি.স.)। কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰায় ₹৭ কোটি টকাৰ ড্ৰাগছসহ চাৰিগৰাকী মহিলাকে ধৰি পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত এই পাঁচটা সৰবৰাহকাৰীক ব্যাপক জেৰা অব্যাহত ৰাখিছে ।

অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ চিপিআৰঅ’ই শনিবাৰে জনোৱা মতে, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত মণিপুৰৰ চুৰাচান্দপুৰৰ নিবাসী ডেমথাং হাওকিপ (৩৬) নামৰ এজন লোকক আমিনগাঁৱৰ আন চাৰিগৰাকী মহিলা সৰবৰাহকাৰীৰ সৈতে গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ যোগান ধৰিবলৈ আমিনগাঁৱলৈ আহিছিল চাৰিগৰাকী মহিলা, য’ৰ পৰা নামনি অসমৰ বিভিন্ন জিলালৈ প্ৰেৰণৰ কথা আছিল।

মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা হেৰ’ইন ভৰ্তি ৬২টা প্লাষ্টিকৰ চাবোনৰ বাকচ উদ্ধাৰ কৰা হৈছে । হেৰ’ইনৰ ওজন আছিল ৮৩৭ গ্ৰাম (চাবোনৰ বাকচ বাদ দি)। এই ড্ৰাগছৰ আনুমানিক বজাৰ মূল্য ₹৭ কোটি বুলি অনুমান কৰা হৈছে।

আটকাধীন মহিলা সৰবৰাহকাৰী কেইজন হ’ল ক্ৰমে লাম নেইকিম (২৫, চুৰাচান্দপুৰ, মণিপুৰ), হয়নেইগহ (২৪, চুৰাচান্দপুৰ, মণিপুৰ), কিম নেইথেন (৩৬, চুৰাচান্দপুৰ, মণিপুৰ) আৰু নগা পি (৩০, চুৰাচান্দপুৰ, মণিপুৰ)। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande