
ধুবুৰী, ২৪ এপ্ৰিল (হি.স.)। তামাৰহাটৰ মুছলমানপাৰা গাঁওৰ তিনিদিন ধৰি এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ হৈছে । ২২ এপ্ৰিল তাৰিখে নিজ ঘৰৰ পৰা ওলাই যায় ৪৫ বছৰীয়া নবিৰন নেছা নামৰ মহিলা গৰাকী । ফলত দুচিন্তাত ভুগিছে পৰিয়ালৰ লোকে । ঘটনা সন্দৰ্ভত তামাৰহাট থানাত অৱগত কৰে নবিৰন নেছাৰ পিতৃ আব্দুল লতিফে ।
পৰিয়ালৰ লোকে ওচৰ চুবুৰীয়াৰ সৈতে আত্মীয়ৰ ঘৰত বিচাৰিও উলিয়াব পৰা নাই মহিলা গৰাকীৰ কোনো সন্ধান । মহিলা গৰাকী কোনো দুষ্ট চক্ৰৰ হাতত পৰিল নেকি ইয়াকে লৈ চিন্তিত হৈ পৰিছে ভুক্তভোগী পৰিয়ালটোৰ লগতে গাঁওবাসী । কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰাকীৰ খবৰ পালে এই ৯৯৫৭৭ ৯৬৯৫৩ নম্বৰত অথবা স্থানীয় থানাত যোগাযোগ কৰিবলৈ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ