
কাৰ্বিআংলং,২৪ এপ্ৰিল (হি.স.)। ডিফু চহৰত এগৰাকী বিবাহিত মহিলাই স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ডিফু শান্তিপাৰা নিবাসী বিপিন সিঙৰ পত্নীয়ে আজি পুৱা স্বামী গৃহত চিপজৰী লৈ আত্মহত্যা কৰে। প্ৰতিদিনে স্বামী আৰু শাহুৱেকৰ বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হৈ অহা বাবেই বিবাহিত মহিলা গৰাকীয়ে আত্মহননৰ পথ বাছি লোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।
নিজ পত্নী থকাৰ পিছতো আন এগৰাকী মহিলাক বিবাহ কৰাইছিল স্বামী বিপিন সিঙে। স্বামীৰ পৰা দৈনিক অকথ্য অত্যাচাৰ লাভ কৰি অহা মহিলা গৰাকীয়ে স্বামীৰ দ্বিতীয় বিবাহ কোনো কাৰণতে মানি লোৱা নাছিল বুলি অভিযোগ কৰে চুবুৰীয়া বহুজনে। মহিলা গৰাকীৰ মৃত্যুৰ ন্যায় দাবী কৰিছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু