যাদৱপুৰ বিশ্ববিদ্যালয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্যক প্ৰত্যুত্তৰ মমতা বেনাৰ্জীৰ
কলকাতা, ২৪ এপ্ৰিল (হি.স.)। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে নিৰ্বাচনী সভাত যাদৱপুৰ বিশ্ববিদ্যালয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেশৰ অন্যতম সন্মানীয় শি
मुख्यमंत्री ममता बनर्जी और प्रधानमंत्री नरेंद्र मोदी  (फाइल फाेटाे)


কলকাতা, ২৪ এপ্ৰিল (হি.স.)। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে নিৰ্বাচনী সভাত যাদৱপুৰ বিশ্ববিদ্যালয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেশৰ অন্যতম সন্মানীয় শিক্ষানুষ্ঠান যাদৱপুৰ বিশ্ববিদ্যালয়ক অপমান কৰাটো গ্ৰহণযোগ্য নহয় বুলিও কয় ব্যক্ত কৰে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰি মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বিষয়ে এনে ভাষা আৰু মন্তব্য উপযুক্ত নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্কত যাদৱপুৰ বিশ্ববিদ্যালয়ে ধাৰাবাহিকভাৱে শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ ভিতৰত স্থান লাভ কৰিছে আৰু এনে প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱাটো দুৰ্ভাগ্যজনক বুলিও কয়।

মমতা বেনাৰ্জীয়ে কয় যে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু যোগ্যতাৰ ভিত্তিত নামভৰ্তি লাভ কৰে। ডিগ্ৰী, জ্ঞান আৰু প্ৰশ্ন কৰাৰ ক্ষমতাৰে তেওঁলোক ওলাই আহে। এয়া অৰাজকতা নহয়, শিক্ষা আৰু উৎকৃষ্টতাৰ চিহ্ন । ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ গণতন্ত্ৰৰ অংশ, গণতন্ত্ৰৰ অৱক্ষয় নহয়। ছাত্ৰ-ছাত্ৰীয়ে কন্ঠ উঠোৱাটো অৰাজকতা নহয়, বৰঞ্চ গণতান্ত্ৰিক চেতনাৰ চিন।

মুখ্যমন্ত্রীয়ে কেন্দ্রীয় চৰকাৰৰ ওপৰত পৰোক্ষভাৱে আক্রমণ কৰি কয় যে অৰাজকতা হ’ল যেতিয়া ক্ষমতাক ন্যায়ৰ পৰিৱৰ্তে জোৰ-জবৰদস্তিৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়, কৃষকৰ কণ্ঠ দমন কৰা, দুখীয়াক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা, ধৰ্মীয় ৰেখাৰে সমাজখনক বিভাজিত কৰা, জবাবদিহিতাৰ পৰা আঁতৰি থকা।

মমতা বেনাৰ্জীয়ে মণিপুৰৰ পৰিস্থিতিৰ উদ্ধৃতি দি কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লয়। দেশৰ একাংশ অঞ্চল সংকটৰ সন্মুখীন হৈ থকাৰ সময়তে চৰকাৰখন নিৰ্বাচনী ৰাজনীতিত ব্যস্ত বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

যাদৱপুৰ বিশ্ববিদ্যালয়ৰ দৰে ঐতিহাসিক আৰু সন্মানীয় প্ৰতিষ্ঠানক বদনাম নকৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। দেশৰ প্ৰাৰম্ভিক ৰাষ্ট্ৰীয়তাবাদীসকলৰ পৰা অনুপ্ৰাণিত এই অনুষ্ঠানটো বংগৰ শৈক্ষিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক।

উল্লেখযোগ্য যে শুকুৰবাৰে যাদৱপুৰত অনুষ্ঠিত নিৰ্বাচনী সভাত বিশ্ববিদ্যালয় চৌহদৰ অৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande