
কলকাতা, ২৪ এপ্ৰিল (হি.স.)। তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমৰ্থনত পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কলকাতা ভ্ৰমণ কৰিব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) মুৰব্বী অৰবিন্দ কেজৰিৱালে ।
আপৰ সূত্ৰ অনুসৰি তৃণমূল কংগ্ৰেছৰ আমন্ত্ৰণত অহা ২৬ আৰু ২৭ এপ্ৰিলত কলকাতাৰ ভৱানীপুৰ বিধানসভা সমষ্টিত মমতা বেনাৰ্জীৰ হৈ প্ৰচাৰ চলাব কেজৰিৱালে ।
উল্লেখযোগ্য যে ২৩ এপ্ৰিলত ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে বুধবাৰে মমতা বেনাৰ্জীৰ সৈতে ফোনযোগে কথা পাতিছিল । পিছত তেওঁ এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।
কেজৰিৱালে লিখিছে যে তেওঁ মাত্ৰ মমতা দিদীৰ সৈতে ফোনত কথা পাতিছিল। তেওঁ সম্পূৰ্ণ সংহতি আৰু সমৰ্থন প্ৰকাশ কৰে । তেওঁ কয় যে মমতা বেনাৰ্জীয়ে এক কঠিন আৰু গুৰুত্বপূৰ্ণ যুদ্ধত অৱতীৰ্ণ হৈছে, যিখন ভাৰতীয় গণতন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
নিৰ্বাচন আয়োগকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে আৰু এই নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দল পৰাজিত হ’ব বুলি উল্লেখ কৰে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া