
- প্ৰথম পৰ্যায়ত ব্যাপক ভোটদানৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে ১৫২খন আসনৰ ভিতৰত ১১০খনতকৈও অধিক আসনত বিজেপিয়ে জয়লাভ কৰিব
কলকাতা, ২৪ এপ্ৰিল (হি.স.)। পশ্চিমবংগ বিধানসভাৰ ২৩ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হোৱা ব্যাপক ভোটদান সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক সংবাদমেলত দাবী কৰে যে এয়া পৰিৱৰ্তনৰ লক্ষণ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ১৫২খন আসনৰ ভিতৰত ১১০খনতকৈও অধিক আসন লাভ কৰিবলৈ গৈ আছে। তেওঁ কয় যে ৰাজ্যৰ জনসাধাৰণে এইবাৰ পৰিৱৰ্তনৰ বাবে ভোট দিছে আৰু পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।
অমিত শ্বাহে কয় যে পশ্চিম বংগত বাম্পাৰ ভোটদান স্পষ্টভাৱে পৰিৱৰ্তনৰ সপক্ষে ভোট। ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে ভোটাৰসকলে বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি ক্ষমতালৈ আহিলে বাহিৰৰ মানুহে শাসন কৰিব বুলি উৰাবাতৰি প্ৰচাৰ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে পশ্চিম বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীজন বংগত জন্ম ল’ব, বাংলা মাধ্যমত শিক্ষিত হ’ব আৰু বাংলা ভাষা ক’ব। তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা নহয়, বিজেপি কৰ্মী হ’ব বুলিও মন্তব্য কৰে।
নিৰ্বাচনৰ সময়ত হোৱা হিংসাৰ বিষয়টোকো সম্বোধন কৰি এইবাৰ ভোটদান পূৰ্বৰ নিৰ্বাচনতকৈ অধিক শান্তিপূৰ্ণ বুলি দাবী কৰে। শ্বাহে কয় যে ২০১৬ চনৰ নিৰ্বাচনত ১২৭৮ জন, ২০২১ চনত ১৬৮১ জন, ২০২৩ চনৰ পঞ্চায়ত নিৰ্বাচনত ৬৬৪ জন, আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৭৬১ জন লোক আহত হৈছিল। কিন্তু এইবাৰ প্ৰথম পৰ্যায়ত ৩০ জনতকৈও কম লোক আহত হোৱাৰ লগতে কোনো লোকৰ মৃত্যু হোৱা নাই। তেওঁৰ মতে, ইয়াৰ পৰা বুজা যায় যে শান্তিপূৰ্ণভাৱে ভোটদান চলিছিল।
মন কৰিবলগীয়া যে পশ্চিম বংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৫২খন আসনৰ বাবে ভোটদানৰ হাৰ ৯২.৮৮ শতাংশ বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। স্বাধীনতাৰ পিছত ৰাজ্যখনৰ ইতিহাসত সৰ্বাধিক ভোটাৰ ভোটৰ হাৰ বুলি অভিহিত কৰা হৈছে।
এই বৃহৎ ভোটদানৰ পিছতে বিজেপি আৰু তৃণমূল কংগ্ৰেছ দুয়োটা দলে বিজয়ৰ দাবী উত্থাপন কৰিছে। ২৯ এপ্ৰিলত ৰাজ্যত ১৪২ খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৪ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া