
ধুবুৰী, ২৪ এপ্ৰিল (হি.স.)।ধুবুৰী মেডিকেলত কলেজত উতপ্ত পৰিস্থিতি । বোৱাৰী হত্যাকাণ্ডৰ অভিযোগত ছোৱালী আৰু লৰাৰ পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । বোৱাৰীৰ মৃতদেহ হস্পিতালৰ ভিতৰৰ পৰা ওলোৱাৰ সময়চোৱাতে তৰ্কাতৰ্কিত লিপ্ত হয় । তৰ্কাতৰ্কিৰ পাছতে দুয়োপক্ষৰ মাজত মাৰপিটৰ সৃষ্টি হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ছোৱালীৰ পক্ষৰ অভিযোগ অনুসৰি ধুবুৰীৰ বুৰীৰমৰাই অঞ্চলৰ ছোৱালী বেবী বেগম আৰু বৰুৱাৰভিটা অঞ্চলৰ যুৱক আলী হুছেইনৰ সৈতে দহ বছৰ পুৰ্বেই বিবাহ পাশত আবদ্ধ হৈ যদিওঁ বিবাহৰ পাছতে যৌতুকৰ বাবে মাৰপিট কৰি থাকে ৷
বিভিন্ন সময়চোৱাত ছোৱালীৰ পক্ষৰ টকাও দাবী কৰাৰ অভিযোগ স্বামী তথা স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে। যোৱা নিশা স্বামী আলী হুছেইন সহ পৰিয়ালৰ লোকে পত্নী বেবী বেগমক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ ছোৱালীৰ পক্ষৰ। ছোৱালীৰ পক্ষৰ অভিযোগ অনুসৰি হত্যা কৰি স্বামী আলী হুছেইন সহ পৰিয়ালৰ লোকে ঘৰৰ পৰা পলায়ন কৰে । আজি মৰনোত্তৰ পৰিক্ষা কৰিয়ে ন্যায়ৰ দাবীত পৰিয়ালৰ লোকে প্ৰতিবাদো সাব্যস্ত কৰে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত ছোৱালীৰ পক্ষই স্বামী আলী হুছেইন সহ পৰিয়ালৰ কেইবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । উল্লেখ্য যে আৰক্ষীৰ তদন্তৰ পাছতে প্ৰক্ত ৰহস্য ওলাব এয়া আত্মহত্যা নে ? হত্যাকাণ্ড !
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ