লংকাৰ ৰেল ষ্টেচনত আৰক্ষীৰ অভিযানত বহু পৰিমাণৰ গাঞ্জা সহ আটক দুজন
হোজাই, ২৪ এপ্ৰিল (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত লংকাৰ ৰেল ষ্টেচনত আৰক্ষীৰ অভিযানত বহু পৰিমাণৰ গাঞ্জা সহ আটক দুজন। আৰক্ষীৰ এটা দলে নামনীমুৱা আলিপুৰ দুৱাৰ ৰেলত উক্ত দুয়োজনক প্ৰত্যক্ষ কৰি আহি লংকা ৰে''ল ষ্টেচনত ৰেলৰ পৰা নমাৰ সময়
লংকাৰ ৰেল ষ্টেচনত আৰক্ষীৰ অভিযানত বহু পৰিমাণৰ গাঞ্জা সহ আটক দুজন


হোজাই, ২৪ এপ্ৰিল (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত লংকাৰ ৰেল ষ্টেচনত আৰক্ষীৰ অভিযানত বহু পৰিমাণৰ গাঞ্জা সহ আটক দুজন। আৰক্ষীৰ এটা দলে নামনীমুৱা আলিপুৰ দুৱাৰ ৰেলত উক্ত দুয়োজনক প্ৰত্যক্ষ কৰি আহি লংকা ৰে'ল ষ্টেচনত ৰেলৰ পৰা নমাৰ সময়তেই গাঞ্জা সহ আটক কৰে উক্ত দুয়ো জনকে ।আটকাধীন দুজনৰ নাম ক্ৰমে চাহাব উদ্দিন আৰু আইনুল হক । দুয়োৰে ঘৰ কামপুৰত ।

ডিফুৰ পৰা কামপুৰলৈ ৰেলেৰে গাঞ্জাখিনি নিয়াৰ পৰিকল্পনা কৰিছিল দুয়োজনে । লামডিং সমজিলাৰ আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ এটা দলে নামনীমুৱা আলিপুৰ দুৱাৰ ৰেলত অভিযান চলাই ৬ পেকেট গাঞ্জা সহ আটক কৰে দুয়োকে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande