ইজৰাইল আৰু লেবাননৰ মাজত তিনি সপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ
ৱাশ্বিংটন, ২৪ এপ্ৰিল (হি.স.)। আমেৰিকাৰ আতিথ্যত বৃহস্পতিবাৰে ৱাশ্বিংটনত অনুষ্ঠিত ৰাষ্ট্ৰদূত পৰ্যায়ৰ আলোচনাৰ সময়ত ইজৰাইল আৰু লেবাননে তিনি সপ্তাহৰ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। বৈঠকৰ শেষত দুয়োপক্ষৰ সৈতে কথা পতাৰ পাছত এই ঘোষণা কৰে ৰাষ্ট্ৰপতি ড’
वाशिंगटन में गुरुवार को राष्ट्रपति डोनाल्ड ट्रंप लेबनान और इजराइल के बीच युद्धविराम की घोषणा करते। उनके आसपास नजर आ रहे हैं - इजराइल में अमेरिकी राजदूत माइक हकाबी, अमेरिका में इजराइल के राजदूत येचिएल लीटर, अमेरिकी उपराष्ट्रपति जेडी वेंस, अमेरिकी विदेश मंत्री मार्को रूबियो, अमेरिका में लेबनान की राजदूत नाडा हमादेह मोअवाद और लेबनान में अमेरिकी राजदूत मिशेल इस्सा। फोटो - इंटरनेट मीडिया


ৱাশ্বিংটন, ২৪ এপ্ৰিল (হি.স.)। আমেৰিকাৰ আতিথ্যত বৃহস্পতিবাৰে ৱাশ্বিংটনত অনুষ্ঠিত ৰাষ্ট্ৰদূত পৰ্যায়ৰ আলোচনাৰ সময়ত ইজৰাইল আৰু লেবাননে তিনি সপ্তাহৰ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। বৈঠকৰ শেষত দুয়োপক্ষৰ সৈতে কথা পতাৰ পাছত এই ঘোষণা কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মধ্যস্থতাত শান্তি আলোচনাৰ সফলতাত ট্ৰাম্পে সন্তুষ্টি প্ৰকাশ কৰে।

চিবিএছ নিউজ আৰু আল জাজিৰাৰ মতে, বৃহস্পতিবাৰে হোৱাইট হাউছত ইজৰাইল আৰু লেবাননৰ বিষয়াসকলৰ মাজত দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনাৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰে যে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি তিনি সপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে। তেওঁ ছ’চিয়েল ট্ৰুথৰ ওপৰত লিখিছে, “ইজৰাইল আৰু লেবাননৰ মাজত যুদ্ধবিৰতি তিনি সপ্তাহৰ বাবে বৃদ্ধি কৰা হ’ব।” ইজৰাইল আৰু লেবাননৰ মাজত প্ৰাৰম্ভিক ১০ দিনীয়া যুদ্ধবিৰতি ১৬ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অ’ভাল অফিচত এখন বৈঠকৰ পিছতে এই চুক্তিত উপনীত হৈছে। ইয়াত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স, বিদেশ সচিব মাৰ্কো ৰুবিঅ’, ইজৰাইলত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত মাইক হাকাবি, লেবাননত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত মিচেল ইছা আৰু ইজৰাইল আৰু লেবাননৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি উপস্থিত থাকে। ট্ৰাম্পে লিখিছে, সভাখন অতি ভালেই হৈছিল। অদূৰ ভৱিষ্যতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনক আতিথ্য প্ৰদান কৰিবলৈ মই আগ্ৰহী।

ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে ইৰাণে লেবাননৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহক পুঁজি দিয়া বন্ধ কৰিব লাগিব আৰু কয় যে শান্তিৰ বাবে এইটো অতি প্ৰয়োজনীয়। ইফালে ইৰাণ সমৰ্থিত হিজবুল্লাই এক বিবৃতিত কয় যে, “লেবানন আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতিৰক্ষাৰ বাবে আৰু ইজৰাইলী শত্ৰুৱে যুদ্ধবিৰতি উলংঘা আৰু দক্ষিণ লেবাননৰ য়াটাৰ চহৰক লক্ষ্য কৰি লোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰকেটৰ ঢৌৱে ষ্টুলা বসতিস্থলটোক লক্ষ্য কৰি লৈছিল।” ইফালে ইজৰাইলৰ সেনাই ছ’চিয়েল মিডিয়া পোষ্টত কয় যে “লেবাননৰ পৰা ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰা কেইবাটাও ৰকেট ৰোধ কৰা হৈছে”।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে দক্ষিণ লেবাননত ইজৰাইলৰ আক্ৰমণত তিনিজন লোকৰ মৃত্যু হোৱাৰ পিছতে এই ৰকেট আক্ৰমণ সংঘটিত হৈছে বুলি লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে তেওঁ ইৰাণৰ বিৰুদ্ধে পুনৰ যুদ্ধ আৰম্ভ কৰিবলৈ সাজু হৈ আছে আৰু কয় যে তেওঁৰ দেশ আমেৰিকাৰ পৰা সেউজ সংকেতৰ বাবে অপেক্ষা কৰি আছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ইয়াৰ উত্তৰত কয় যে ইৰাণ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু। ইফালে লেবাননৰ সাংবাদিক অমল খলিলৰ হত্যাক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবাদ অব্যাহত আছে।

আমেৰিকাত থকা লেবাননৰ ৰাষ্ট্ৰদূত নাদা হামাদেহ মোৱাৱাদে হোৱাইট হাউছত সাংবাদিকৰ সৈতে চমুকৈ কথা পাতিছিল। লেবাননৰ এল বি চি আই সম্প্ৰচাৰকক মোৱাৱাদে কয় যে ইজৰাইলী উলংঘা আৰু দক্ষিণত হোৱা ধ্বংসলীলা বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত আমি লেবাননৰ স্থিতি দাঙি ধৰিলোঁ। আমি ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰতিশ্ৰুতি দিছিলো যে আমি লেবাননক পুনৰ মহান কৰিম।’

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande