
বৰপেটা, ২৪ এপ্ৰিল (হি.স.)। ৰাজ্য়ত সদ্য় অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন ক্ৰমাৎ চমু চাপি আহিছে | ৪ মে'ত অনুস্থিত হবলগীয়া ভোট গণনাত জৰিত কংগ্ৰেছৰ পোলিং এজেন্ট সকলৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে | বৰপেটা ৰাজীৱ ভৱনত আজি চেঙা আৰু মন্দিয়া সমষ্টিৰ পোলিং এজেন্ট সকলক প্ৰশিক্ষণ প্ৰদান কৰে সাংসদ ৰকিবুল হুছেইনে |
প্ৰশিক্ষণত মন্দিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক আৰু চেঙাৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ উপস্থিত থাকে | ইপিনে ভগবান আল্লাৰ ওচৰত বিশ্বাস ৰাখি ৰকিবুল হুছেইনৰ দাবী- ৰাজ্যত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হব |
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু