লংকা ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ
লংকা ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ
লংকা ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ


হোজাই, ২৪ এপ্ৰিল (হি.স.): লংকা ৰে'ল ষ্টেচনত যোৱা কালি বৃহস্পতিবাৰে বিয়লি বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে । প্ৰায় ৩০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে লামডিঙ সমজিলাৰ আৰক্ষীয়ে । এই সন্দৰ্ভত কৰায়ত্ত হৈছে ২ জনকৈ সৰবৰাহকাৰী ।

জানিব পৰা মতে নামুনিমুৱা আলিপুৰ দুৱাৰ এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ২ সৰবৰাহকাৰীক । গ্ৰেপ্তাৰ হোৱা দুই সৰবৰাহকাৰী হৈছে কামপুৰৰ ঘিলানী গাঁৱৰ চাহাবুদ্দিন আৰু কামপুৰৰে বৰপেটিয়া গাঁৱৰ আইনূল হক । ডিমাপুৰৰ পৰা আনি থকা অৱস্থাত বৃহৎ পৰিমাণৰ গাঞ্জাখিনি লংকা ৰে'ল ষ্টেচনত জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande