বিশ্বনাথ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক
বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক।
বিশ্বনাথ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক


বিশ্বনাথ, ২৪ এপ্ৰিল (হি.স.):বিশ্বনাথৰ প্ৰতাপগঢ় চাহ বাগিচাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি বৃহস্পতিবাৰে বিয়লি বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক। ধৃত দুই যুৱকে শোণিতপুৰ জিলাৰ খনামুখৰ পৰা ৯ টাকৈ কন্টেনাৰত ড্ৰাগছ লৈ বিশ্বনাথৰ দিশে আহি থকা সময়তে বিশ্বনাথ আৰক্ষীৰ টাউন ব্ৰাঞ্চৰ দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি।

ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনেশ দলৰ নেতৃত্বত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তৰ কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।আনহাতে ধৃত দুই যুৱকৰ ভিতৰত এজন বিশ্বনাথৰ সেউজপুৰৰ মফিদুল হক আৰু আনজন বিহালীৰ চুলেমান হুছেইন বুলি চিনাক্ত কৰা হৈছে। ধৃত যুৱক কেইজনৰ পৰা আৰক্ষীয়ে এএছ ৩২ এই ৯৪৭৪ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande