বিহুৰ বজাৰত পাৱাৰলুম গামোচাৰ প্ৰয়োভৰ,শ্মশান যাত্ৰাৰ দিশে শিপিনী প্ৰশিক্ষণ কেন্দ্ৰ সমূহ
যোৰহাট, ২৪ এপ্ৰিল (হি.স.)। অসম চৰকাৰে মহিলা সবলীকৰণৰ নামত অৰুণোদয় আঁচনিকে ধৰি বহু বোৰ আঁচনি গ্ৰহণ কৰিলে অথচ আন সময়ততো দূৰৈৰ কথা ব''হাগ বিহুৰ সময়ত চাহিদা অনুসৰি প্ৰয়োজন হোৱা গামোচা বহি ৰাজ্যৰ পৰা আমদানি কৰিব লগা হোৱা ঘটনাই মহিলা সকলৰ বাবে চৰকাৰে
বিহুৰ বজাৰত পাৱাৰলুম গামোচাৰ প্ৰয়োভৰ,শ্মশান যাত্ৰাৰ দিশে শিপিনী প্ৰশিক্ষণ কেন্দ্ৰ সমূহ


যোৰহাট, ২৪ এপ্ৰিল (হি.স.)। অসম চৰকাৰে মহিলা সবলীকৰণৰ নামত অৰুণোদয় আঁচনিকে ধৰি বহু বোৰ আঁচনি গ্ৰহণ কৰিলে অথচ আন সময়ততো দূৰৈৰ কথা ব'হাগ বিহুৰ সময়ত চাহিদা অনুসৰি প্ৰয়োজন হোৱা গামোচা বহি ৰাজ্যৰ পৰা আমদানি কৰিব লগা হোৱা ঘটনাই মহিলা সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ সফল ৰূপায়ণ যে হোৱা নাই সেয়া নিশ্চিত হৈ পৰিছে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সু পৰিকল্পনাৰ অভাৱ আৰু বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীৰ চৰম দায়িত্বহীন কাণ্ডৰ বাবে পাৱাৰলুম গামোচাৰ উভয় নদী হৈ পৰিছে ৰাজ্য খনৰ বজাৰত। চৰকাৰ তথা একাংশ জাতীয় দল সংগঠনে বহি ৰাজ্যৰ পৰা অহা পাৱাৰলুম গামোচাৰ বিক্ৰী বন্ধ কৰাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে থিকেই কিন্তু চাহিদা অনুসৰি ৰাজ্যখনত গামোচা উৎপাদনৰ বাবে নাই কোনো বিশেষ পৰিকল্পনা। শিপিনী সকলৰ সুবিধাৰ্থে ৰাজ্যৰ বিভিন্ন স্থানত শিপিনী সকলৰ বাবে গৃহ নিৰ্মাণ কৰি কোটি কোটি টকা ৰাজহুৱা ধনৰ শৰাধ পাতিলে অথচ এই সমূহৰ পৰা এখনো গামোচা উৎপাদন নহ'ল ।

যোৰহাট জিলাৰ টীয়কৰ গুৱাল গাঁৱৰ সমীপত টাই আহোম উন্নয়ন পৰিষদৰ তত্বাৱধানত প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হস্ত -তাঁত বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ গৃহত আজিও প্ৰশিক্ষণ প্ৰদান কৰা নহ'ল এগৰাকীও শিপিনীক ।সুদীৰ্ঘ দিন ব্যৱহাৰৰ অভাৱত জহি খহি গৈছে প্ৰশিক্ষণ গৃহটো । প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় মূল্যৱান তাঁতশালকে ধৰি মূল্যৱান আচ-বাব জহিখহি গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande