
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ১০৩ ৰাণত পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছে (চি এছ কে) এক বৃহৎ জয় পঞ্জীয়ন কৰি অৰেঞ্জ কেপ আৰু পাৰ্পল কেপৰ দৌৰত যথেষ্ট পৰিৱৰ্তন ঘটায় ।
অৰেঞ্জ কেপ দৌৰত তৃতীয় স্থানলৈ উন্নীত হৈছে সঞ্জু চেমছন। চেমছনে এই পৰ্যন্ত প্ৰতিযোগিতাখনত দুটা শতক অৰ্জন কৰি তেওঁৰ মুঠ ৰান ২৯৩ লৈ বৃদ্ধি কৰিছে । কিন্তু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ অভিষেক শৰ্মা (৩২৩ ৰান) আৰু হাইনৰিচ ক্লাচেন (৩২০ ৰান) প্ৰথম আৰু দ্বিতীয় স্থানত আছে ।
অৰেঞ্জ কেপৰ তালিকাত শুভমন গিল ২৬৫ ৰানেৰে চতুৰ্থ স্থানত থকাৰ বিপৰীতে বিৰাট কোহলীয়ে ২৪৭ ৰানেৰে ষষ্ঠ স্থানত আছে, আৰু ২৩০ ৰানেৰে নৱম স্থানত আছে ৰজত পাটিদাৰ । আগন্তুক মেচসমূহত এই খেলুৱৈসকলৰ ৰেংকিং সলনি হোৱাৰ সম্ভাৱনা আছে।
পাৰ্পল কেপৰ দৌৰত চেন্নাই ছুপাৰ কিংছৰ অংশুল কাম্বোজে পুনৰ শীৰ্ষস্থান দখল কৰিছে। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৩ অভাৰত ১০ ৰানত ১ উইকেট দখল কৰি মুঠ ১৪টা উইকেটৰে প্ৰথম স্থানলৈ গতি কৰে।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰিন্স যাদৱে ১৩টা উইকেটৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে এছ আৰ এইচৰ ঈশান মালিংগা আৰু গুজৰাট টাইটানছৰ (জি টি) প্ৰসিধ কৃষ্ণ ক্ৰমে ১২টা উইকেটৰে তৃতীয় আৰু চতুৰ্থ স্থানত আছে।
আগন্তুক মেচসমূহত পাৰ্পল কেপৰ দৌৰ আৰু অধিক ৰোমাঞ্চকৰ হোৱাৰ সম্ভাৱনা আছে, বলাৰসকলৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি শীৰ্ষ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে ।
हिन्दुस्थान समाचार / Manoj Kumar Saikia