অইলে নিযুক্তিৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি অহাৰ অভিযোগত দুলীয়াজানত ধৰ্মঘট
ডিব্ৰুগড়, ২৪এপ্ৰিল (হি.স.)। দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ নতুন ঔদ্যোগিক অঞ্চলৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নৱ প্ৰগতি যুৱক সংঘ আৰু নবীন পুথিভঁৰালৰ উদ্যোগত ১ নং নাওশলীয়া মাজগাওঁ ৰাইজৰ সহযোগত ধৰ্মঘট কাৰ্যসূচী। অইলে নিযুক্তিৰ ক্ষেত্ৰত
অইলে নিযুক্তিৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি অহাৰ অভিযোগত দুলীয়াজানত ধৰ্মঘট


ডিব্ৰুগড়, ২৪এপ্ৰিল (হি.স.)। দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ নতুন ঔদ্যোগিক অঞ্চলৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নৱ প্ৰগতি যুৱক সংঘ আৰু নবীন পুথিভঁৰালৰ উদ্যোগত ১ নং নাওশলীয়া মাজগাওঁ ৰাইজৰ সহযোগত ধৰ্মঘট কাৰ্যসূচী। অইলে নিযুক্তিৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি অহাৰ পৰিপ্ৰেক্ষিতত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।

পুৱাৰে পৰা অচল অইলৰ নতুন ঔদ্যোগিক অঞ্চলৰ কাম-কাজ । অইলৰ নতুন ঔদ্যোগিক অঞ্চলত বিষয়া-কৰ্মচাৰীৰ লগতে যানবাহন প্ৰৱেশত বাধা প্ৰদান প্ৰতিবাদকাৰীৰ । প্ৰতিবাদস্থলীত মোতায়ণ কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আৰু অইলৰ নিজা নিৰাপত্তা বিভাগ । দীৰ্ঘদিনৰ পৰা প্ৰতিবাদকাৰীৰ সৈতে অইল কৰ্তৃপক্ষৰ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল যদিও এইপৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande