
কাছাৰ, ২৪এপ্ৰিল (হি.স.)। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক অনৰ্থক বিতৰ্কৰ মাজলৈ টানি নানিবলৈ সকলোকে আহ্বান জনাইছে জনপ্ৰিয় কন্ঠশিল্পী দীপলীনা ডেকাই। জুবিন গাৰ্গে এতিয়া শান্তি বিচাৰিছে, গতিকে তেওঁক শান্তিৰে থাকিবলৈ দিয়ক। জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। তেওঁ এতিয়াও আমাৰ মাজত জীয়াই আছে। তেওঁৰ সৃষ্টিৰাজিৰে আমি তেওঁক জীয়াই ৰাখিব লাগিব। শিলচৰত এইদৰে মন্তব্য দিপলীনা ডেকাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ কাছাৰ জিলা কমিটীৰ উদ্যোগত বৃহস্পতিবাৰে শিলচৰত আয়োজিত মুকলি বিহুত গীত পৰিবেশন কৰাৰ পিছত সংবাদ মাধ্য়মত এইদৰে মন্তব্য কৰে জনপ্ৰিয় কন্ঠশিল্পী দীপলীনা ডেকাই।
জুবিন গাৰ্গৰ সৈতে একেলগে গীত পৰিৱেশন আৰু মিছন চাইনা চিনেমাত অভিনয় কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি নষ্টালজিক হৈ পৰে দিপলীনা ডেকা। সংগীতৰ সৈতে একেলগে চিনেমাত অভিনয় কৰি যাব বুলিও মন্তব্য কৰে কন্ঠশিল্পী গৰাকীয়ে।
ইফালে,দ্বিতীয় বাৰৰ বাবে শিলচৰত সংগীত পৰিবেশন কৰি আপ্লুত হৈ পৰে শিল্পী গৰাকী। বৰাকত ৰাইজৰ ইমান মৰম আৰু আশীৰ্বাদ লাভ কৰি অত্যন্ত আনন্দিত হৈ পৰে শিল্পী গৰাকী। জুবিন গাৰ্গৰ সোঁৱৰণত এটি গীত আৰম্ভ কৰি দিপলীনা ডেকাই কেইবাটিও জনপ্ৰিয় গীত পৰিবেশন কৰি সকলোৰে মন জয় কৰে। শেষত মায়াবিনী গীতটোৱে নিশা এক বজাত বিহু অনুষ্ঠানৰ সামৰণি পেলাই শিল্পী গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা