
বাক্সা, ২৪ এপ্ৰিল (হি.স.)। অসমীয়াৰ বাপতি সাহোন সাতদিনীয়া ৰঙালী বিহুৰ সামৰণি পৰিছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো মঞ্চ বিহু, মুকলি বিহু উদযাপন চলি থকা পৰিলক্ষিত হৈছে। একেদৰে বাক্সা জিলাৰ ভলুকামূৰী আমগুৰিত কালি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ কৰি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰে।
বেঁণুধৰ বুঢ়াগোঁহাই যুৱ সংঘৰ সৌজন্যত বেঁণুধৰ বুঢ়াগোঁহাই নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচীত কালি সন্ধিয়া অনুষ্ঠিত মুকলি বিহু প্ৰদৰ্শনত কেবাটাও বিহু দলৰ বিহু নৃত্য প্ৰদৰ্শনে দৰ্শক ৰাইজক আপ্লুত কৰি তোলে। ডেকা গাভৰু সকলে অতিকৈ উৎসাহিত হৈ পৰা মুকলি বিহু প্ৰদৰ্শনত গাভৰু জেং বিহু প্ৰদৰ্শনে সকলৰে মন আনন্দত জিপাল কৰি তোলা পৰিলক্ষিত হয়। সন্ধিয়া এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে ৰঙালী বিহু উদযাপন কাৰ্যসূচীৰ সফল সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা