
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। পশ্চিম বংগত নিৰ্বাচনী কৰ্তব্যৰত একাংশ নিৰ্বাচনী বিষয়াই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অভিযোগ উত্থাপন কৰিছে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অধ্যক্ষতাৰ বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন কৰে অধিবক্তা এম.আৰ. ছমছাদে। তেওঁ উল্লেখ কৰে যে এনে নিৰ্বাচনী বিষয়া ৬৫ জন আছে। নিৰ্বাচনী কৰ্তব্যত আছে। আনকি তেওঁলোকৰ হাতত ভোটাৰ আইডিও আছিল, তথাপিও হঠাতে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ’ল। ফলস্বৰূপে এতিয়া তেওঁলোকে ভোট দিব পৰা নাই।
মুখ্য ন্যায়াধীশে নিৰ্দেশ দিয়ে যে তেওঁলোকে প্ৰথমে আপীল ন্যায়াধিকৰণৰ সন্মুখত নিজৰ গোচৰ দাখিল কৰক। আপীল ন্যায়াধিকৰণে বিষয়টো বিবেচনা কৰিব। ন্যায়াধীশ জয়মল্য বাগচিয়ে উল্লেখ কৰে যে এই নিৰ্বাচনত তেওঁলোকে ভোট দিব নোৱাৰিবও পাৰে যদিও ভোটাৰ তালিকাত তেওঁলোকৰ নাম থকাটো অধিক গুৰুত্বপূৰ্ণ। ইয়াৰ প্ৰতি গুৰুত্ব দিয়া হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া