শিখ বিৰোধী সংঘৰ্ষত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা সজ্জন কুমাৰক উচ্চতম ন্যায়ালয়ে নিদিলে জামিন
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ ঘটনাত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা সজ্জন কুমাৰক জামিন দিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে । সজ্জন কুমাৰে উল্লেখ কৰে যে তেওঁ ৭ বছৰতকৈ অধিক সময় কাৰাগাৰত আছে। পত্নীৰ স্বাস্থ্য অতি দুৰ্বল
सुप्रीम कोर्ट (फाइल फाेटाे)


নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ ঘটনাত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা সজ্জন কুমাৰক জামিন দিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে । সজ্জন কুমাৰে উল্লেখ কৰে যে তেওঁ ৭ বছৰতকৈ অধিক সময় কাৰাগাৰত আছে। পত্নীৰ স্বাস্থ্য অতি দুৰ্বল । তেওঁক এবাৰো লগ কৰিব পৰা নাই ।

জামিন নাকচ কৰি আদালতে উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ৰ শাস্তিৰ বিৰুদ্ধে সজ্জন কুমাৰৰ আবেদন জুলাই মাহত শুনানি গ্ৰহণ কৰিব । ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত ৰাউজ এভিনিউ আদালতে সজ্জন কুমাৰক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । ১৯৮৪ চনৰ ১ নৱেম্বৰত পশ্চিম দিল্লীৰ ৰাজনগৰত চৰ্দাৰ যশৱন্ত সিং আৰু চৰ্দাৰ তৰুনদীপ সিঙক হত্যা কৰা ঘটনাৰ এই গোচৰৰ সূচনা হৈছে । বিয়লি প্ৰায় ৪:৩০ বজাত ৰাজনগৰ অঞ্চলত লোহাৰ ৰড আৰু লাঠিৰে ভুক্তভোগীৰ ঘৰত সংঘৰ্ষকাৰীৰ এটা দলে আক্ৰমণ কৰে । অভিযোগকাৰীসকলে জনোৱা মতে, সেই সময়ত বাহ্যিক দিল্লী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ সজ্জন কুমাৰৰ নেতৃত্বত আছিল এই ভিৰ।

এটা সুকীয়া গোচৰত ২০১৮ চনৰ ১৭ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । উচ্চ ন্যায়ালয়ে নৌসেনাৰ প্ৰাক্তন বিষয়া ভাগমল, কংগ্ৰেছৰ প্ৰাক্তন কাউন্সিলাৰ বলৱান খোখৰ, গিৰিধাৰী লাল আৰু আন দুজন ব্যক্তিৰ বিৰুদ্ধে বিচাৰ আদালতৰ শাস্তি গৃহীত কৰে । ২০১৮ চনৰ ৩১ ডিচেম্বৰত কাৰ্কাৰডুমা আদালতত আত্মসমৰ্পণ কৰিছিল সজ্জন কুমাৰে ।

ইফালে যোৱা ২২ জানুৱাৰীত শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত জনকপুৰী হিংসাত্মক গোচৰত ৰাউছ এভিনিউ আদালতে সজ্জন কুমাৰক দোষমুক্ত কৰে। জনকপুৰী হিংসা গোচৰৰ ভুক্তভোগী মঞ্জিত কৌৰে নিজৰ বিবৃতিত উল্লেখ কৰে যে জনসমাগমৰ লোকৰ পৰা সজ্জন কুমাৰক জনসমাগমৰ মাজত থকা বুলি শুনিছিল যদিও তেওঁক নিজ চকুৰে দেখা নাছিল।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande