সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক শিল্পী সাহিত্যিক ড' পীতাম্বৰ দেৱ গোস্বামীলৈ প্ৰজ্ঞা ৰত্ন সন্মান
কামৰূপ, ২৪ এপ্ৰিল (হি.স.)। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক শিল্পী সাহিত্যিক ড'' পীতাম্বৰ দেৱ গোস্বামীলৈ প্ৰজ্ঞা ৰত্ন সন্মান আগবঢ়োৱা হৈছে। অহা ১০ মে''ত উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্ৰৰ বাকৰিত আয়োজন কৰা জুবিন
সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক শিল্পী সাহিত্যিক ড' পীতাম্বৰ দেৱ গোস্বামীলৈ প্ৰজ্ঞা ৰত্ন সন্মান


কামৰূপ, ২৪ এপ্ৰিল (হি.স.)। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক শিল্পী সাহিত্যিক ড' পীতাম্বৰ দেৱ গোস্বামীলৈ প্ৰজ্ঞা ৰত্ন সন্মান আগবঢ়োৱা হৈছে। অহা ১০ মে'ত উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্ৰৰ বাকৰিত আয়োজন কৰা জুবিন গাৰ্গৰ এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কামৰূপৰ আধ্যাত্মিক মহিলা মঞ্চৰ তৰফৰ পৰা সত্ৰাধিকাৰ জনক এই সন্মান প্ৰদান কৰিব। এক আধ্যাত্মিক পৰিৱেশত সত্ৰাধিকাৰ গৰাকীক প্ৰদান কৰা হ'ব এই সন্মান । তাৰবাবে সত্ৰ প্ৰাংগণত আধ্যাত্মিক মহিলা মঞ্চৰ উদ্যোগত চলিছে দিহা নামৰ আখৰা ।

সম্প্ৰতি দিহা নামৰ অমিয়া সুৰেৰে মুখৰিত হৈ আছে সত্ৰ প্ৰাংগণ । অসমৰ বিভিন্ন প্ৰান্তৰ ১১১১ গৰাকী মহিলাই সত্ৰাধিকাৰ জনৰ সন্মুখত পৰিবেশন কৰিব দিহানামৰ এক মনোজ্ঞ অনুষ্ঠান ।

অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গেও অংশগ্ৰহণ কৰিব ।

একেটা অনুষ্ঠানতে আধ্যাত্মিক মহিলা মঞ্চ ই লোকসংস্কৃতিৰ সাধক দেবেশ্বৰ শইকীয়াক লোক শিল্পী বঁটা, মুনীন বৰাক দিহা নাম খনিকৰ বঁটা, গিতালী শৰ্মাক জীৱন জোৰা শিল্পী সাধনা বঁটা আৰু হিমাংশু দাসক সমাজৰত্ন বঁটা প্ৰদান কৰিব ।

ইফালে, আয়োজক সমিতিয়ে উক্ত দিনা লোকশিল্পী ড'ডালিমী কোঁৱৰৰ স্মৃতিত সদৌ অসম ভিত্তিত এখন দিহা নাম প্ৰতিযোগিতাৰো আয়োজন কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande