জনীয়াৰ গলিয়াত মৰ্মান্তিক, হৃদয়বিদাৰক ঘটনা
জনীয়াৰ গলিয়াত মৰ্মান্তিক, হৃদয়বিদাৰক ঘটনা ।
জনীয়াৰ গলিয়াত মৰ্মান্তিক, হৃদয়বিদাৰক ঘটনা


বৰপেটা, ২৪ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ গলিয়াত যোৱা কালি বিয়লি এক মৰ্মান্তিক আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হয় । বেকী নৈৰ সুঁতিত গা ধুবলৈ আহি নিৰুদ্দেশ এগৰাকী শিশু । গা ধুবলৈ আহি নিৰুদ্দেশ হোৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

সমনীয়াৰ সৈতে বেকী নৈত গা ধুবলৈ আহি মৃত্যু হোৱা আমিৰ আলীক উদ্ধাৰ কৰা হৈছে । এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। এছডিআৰএফৰ অভিযানত উদ্ধাৰ হয় আমিৰ আলীৰ মৃতদেহ। আমিৰ আলী গলিয়া গাঁৱৰ দেলবৰ আলী আৰু মাতৃ আবেদা বেগমৰ ১৪ বছৰীয়া পুত্ৰ।

ইফালে এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে অভিভাৱক তথা নৈপৰীয়া ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় এছডিআৰএফ বাহিনীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande