আফ্ৰিকান মহিলা নিৰ্যাতনৰ গোচৰত দোষমুক্ত সোমনাথ ভাৰতী আৰু আন ১৬জন অভিযুক্ত
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। ৰাউছ এভিনিউ আদালতে ২০১৪ চনৰ আফ্ৰিকান মহিলা নিৰ্যাতনৰ গোচৰত আম আদমী পাৰ্টিৰ বিধায়ক তথা দিল্লীৰ প্ৰাক্তন আইন মন্ত্ৰী সোমনাথ ভাৰতীকে ধৰি ১৬জন অভিযুক্তক দোষমুক্ত কৰিছে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ নেহা মিত্তলে দোষম
राऊज एवेन्यू कोर्ट, दिल्ली (फाइल फाेटाे)


নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। ৰাউছ এভিনিউ আদালতে ২০১৪ চনৰ আফ্ৰিকান মহিলা নিৰ্যাতনৰ গোচৰত আম আদমী পাৰ্টিৰ বিধায়ক তথা দিল্লীৰ প্ৰাক্তন আইন মন্ত্ৰী সোমনাথ ভাৰতীকে ধৰি ১৬জন অভিযুক্তক দোষমুক্ত কৰিছে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ নেহা মিত্তলে দোষমুক্ত কৰাৰ নিৰ্দেশ দিয়ে।

সোমনাথ ভাৰতীৰ উপৰিও আদালতে দোষমুক্ত কৰা অভিযুক্তসকলৰ ভিতৰত আদিত্য, বদলু খান, বাদল খান, দীপক চৌহান, অনিল কুমাৰ, পৱন ছাইনী, নৰেশ ছাইনী, ধৰম চান্দ ৰানা, বেদ ছাইনী, ৰাজেশ ছাইনী, হেমন্ত ছাইনী, সঞ্জীৱ ছাইনী, বিজয় ছাইনী, দেৱেন্দ্ৰ চৌহান, ইন্দ্ৰ ছাইনি, আৰু শ্যামালা ছাইনী আদি।

ইয়াৰ পূৰ্বে পাটিয়ালা হাউছ কোৰ্টত শুনানি চলি আছিল । ২০১৮ চনৰ ৩০ জুনত পাটিয়ালা হাউছ আদালতে ১৭ জন অভিযুক্তৰ ভিতৰত ১৬ জনৰ বিৰুদ্ধে অভিযোগ ফ্ৰেমৱৰ্ক কৰাৰ নিৰ্দেশ দিয়াৰ বিপৰীতে এজন অভিযুক্ত অনিল চাইনীক আদালতে পলাতক বুলি ঘোষণা কৰে। পাটিয়ালা হাউছ কোৰ্টে ভাৰতীয় দণ্ডবিধিৰ ৩২৩, ১৪৭, আৰু ১৪৯ নং ধাৰাত অভিযোগ উত্থাপন কৰে। পিছত এই গোচৰটো ৰাউজ এভিনিউ আদালতলৈ হস্তান্তৰ কৰা হয়, য’ত সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্ৰহণ কৰা হয়।

২০১৪ চনৰ ১৫ আৰু ১৬ জানুৱাৰীৰ মাজৰ নিশা একাংশ বিদেশী মহিলাৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে সোমনাথ ভাৰতীকে ধৰি কেইবাগৰাকীও লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। দিল্লী আৰক্ষীৰ অভিযোগনামাত উল্লেখ কৰা হৈছে যে, ২০১৪ চনৰ ১৫ আৰু ১৬ জানুৱাৰীৰ মাজৰ নিশা সোমনাথ ভাৰতীয়ে অভিযান চলোৱাৰ আঁৰত মালব্য নগৰৰ একাংশ মহিলাৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি তেওঁলোকৰ সৈতে অসৎ আচৰণ কৰিছিল ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande