
গুৱাহাটী, ২৪ এপ্ৰিল (হি.স.)। উত্তৰ-পূৱ সীমান্ত ৰেলৱেই ভাৰতৰ সমৃদ্ধ ৰেলৱে ঐতিহ্য সংৰক্ষণৰ দিশত তাৰ দায়বদ্ধতা পুনৰবাৰ প্ৰতিপন্ন কৰি ১৯২৭ চনত বৃটিছ যুক্তৰাজ্যৰ গ্লাছগোৰ মেছাৰ্ছ নৰ্থ ব্ৰিটিছ লোকোমোটিভ কোম্পানী লিমিটেডে নিৰ্মাণ কৰা ঐতিহাসিক স্টীম লোকোমোটিভ নং ৮০১-বি সফলতাৰে পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হয়। নিউ বঙাইগাঁও ৱৰ্কশ্বপত কৰা এই পুংখানুপুংখ নবীকৰণৰ জৰিয়তে ঐতিহ্য সংৰক্ষণৰ সৈতে আধুনিক প্ৰযুক্তিগত উন্নয়নৰ সংমিশ্ৰণ ঘটোৱা হৈছে।
পুনৰুদ্ধাৰ কৰা এই লোকোমোটিভত সুসংগত বাস্তৱিক স্টীম লোকোমোটিভৰ সুসংগত ধ্বনি, কৃত্ৰিম ধোঁৱা নিৰ্গমন আৰু আকৰ্ষণীয় আলোকসজ্জাৰে সংযোজিত কৰি ঐতিহাসিক এই ইঞ্জিনটো দৃশ্য-শ্ৰব্যৰ সংমিশ্ৰণেৰে ভাৱ ইঞ্জিন যুগৰ প্ৰামাণিক পৰিৱেশ পুনৰ সৃষ্টি কৰা হয়। ঐতিহাসিক অখণ্ডতা বজাই ৰাখি এই কাৰিকৰী সফলতা দৰ্শকৰ আকৰ্ষণক আৰু অধিক ওচৰ চপাই অনাৰ বাবে অতি সতৰ্কভাৱে ডিজাইন কৰা হয়।
স্টীম লোকোমোটিভ ৮০১-বি কুৰি শতিকাৰ আৰম্ভণিত ৰেলৱে অভিযান্ত্ৰিকীৰ এক গৌৰৱময় ঐতিহ্যৰ প্ৰতীক। ইয়াৰ পুনৰুদ্ধাৰে ৰেলৱে ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ই ৰেল অনুৰাগী, পৰ্যটক আৰু যুৱ প্ৰজন্মক ৰেল পৰিবহণৰ ক্ৰমবিকাশৰ অভিজ্ঞতা লাভ কৰাৰ এক আকৰ্ষণীয় মঞ্চ প্ৰদান কৰিছে।
এই পদক্ষেপে ভাৰতীয় ৰেলৱেৰ ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ বৃহত্তৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে। স্থিৰ প্ৰদৰ্শনীসমূহক পাৰস্পৰিক অংশগ্ৰহণমূলক প্ৰদৰ্শনীলৈ ৰূপান্তৰিত কৰি এই উন্নীত লোকোমোটিভে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত থকা ঐতিহ্য প্ৰদৰ্শন আৰু ৰেলৱে প্ৰদৰ্শনীসমূহৰ এক মূল আকৰ্ষণীয় বিষয় হৈ উঠিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী