
শোণিতপুৰ, ২৪ এপ্ৰিল (হি.স.)। শোণিতপুৰৰ ৰঙাপৰা ৰেল জংচনত ৰেল দুৰ্ঘটনাৰ পিচত উদ্ধাৰ কাৰ্যৰ মকড্ৰিল কৰা হয়। যদিহে অকস্মাৎ কৰবাত ৰেল দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত পতিত ৰেলৰ পৰা যাত্ৰী সকলক উদ্ধাৰ কৰা কৌশল অনুশীলন কৰা হয় ৰেল বিভাগৰ ফালৰ পৰা। ৰেল বিভাগৰ কতৃপক্ষই অনুষ্ঠিত কৰে এই মকড্ৰিল।
এই মকড্ৰিল কাৰ্যসূচীত জিলা প্ৰশাসন,অগ্নিনিৰ্বাপন বাহিনীৰ লগতে ইটানগৰৰ ১২ এনডিআৰএফ বেটেলিয়নেও সহযোগ কৰে। আনহাতে এই মকড্ৰিল কাৰ্যসূচীত উপস্থিত থাকে ৰেলৱে কতৃপক্ষৰ কেইবাজনো উচ্চপদস্থ বিষয়া।ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে এইধৰণে মকড্ৰিল অনুষ্ঠিত কৰি যিকোনো আপাডকালীন পৰিস্থিতিত সহায়ক হব বুলি উল্লেখ কৰে। মকড্ৰিলে উদ্ধাৰ কাৰ্য্য়ত জৰিত হব লগা বাহিনী সমূহক এক প্ৰকাৰৰ বাস্তৱ পৰিস্থিতিৰ ছবি প্ৰদৰ্শন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা