
–এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিশেষ তৎপৰতা
- মুখ্যমন্ত্ৰী যোগীৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে সাহায্য প্ৰদানৰ বাবে ১০খন এম্বুলেন্স প্ৰেৰণ
- আটাইকেইজন তীৰ্থযাত্ৰী মহাৰাজগঞ্জ জিলাৰ সদৰ তহচিলৰ বাসিন্দা
মহাৰাজগঞ্জ/লক্ষ্ণৌ, ২৪ এপ্ৰিল (হি.স.)। উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ পৰা নেপাললৈ যোৱা ২০ জন তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ বৃহস্পতিবাৰে পিউথান জিলাৰ স্বৰ্গদ্বাৰীৰ সমীপৰ গভীৰ খাৱৈত বাগৰি পৰে। এই শোকাৱহ দুৰ্ঘটনাত এগৰাকী মহিলা আৰু এটি কন্য়া শিশুৰ মৃত্যু হয়। আন আটাইকেইজন আহতক ভৰ্তি কৰোৱা হৈছে লুম্বিনি চিটি হাস্পতালত । ঘটনাৰ সময়ত ওপৰত উল্লেখ কৰা লোকসকলে নেপালী বাছত যাত্ৰা কৰি আছিল, আৰু চালকজন নেপালৰ আছিল, যাৰ ফলত মুঠ ২১ জন লোক আছিল। ঘটনাৰ খবৰ পাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ নিৰ্দেশত ১০খন এম্বুলেঞ্চসহ এটা চিকিৎসা দলে ৰাজ্যখনৰ নাগৰিকক সহায় কৰিবলৈ নেপাল অভিমুখে ৰাওনা হৈছে। এই তথ্য মহাৰাজগঞ্জৰ জিলা দণ্ডাধীশ সন্তোষ কুমাৰ শৰ্মাই দিছে।
জিলা দণ্ডাধীশে উল্লেখ কৰে যে জিলাখনৰ সদৰ তহচিলৰ অন্তৰ্গত সেৱা ৰাজা গাঁৱত বসবাস কৰা ২০ জন নাগৰিকে তীৰ্থযাত্ৰাৰ বাবে নেপাললৈ গৈছিল। মুখ্য জিলা বিষয়া ৰূপাণ্ডেহীৰ সৈতে কথা পতাৰ অন্তত আহত চালকজনৰ লগতে ২১ জন লোকক ততাতৈয়াকৈ লুম্বিনি চিটি হাস্পতালত ভৰ্তি কৰোৱা হয়। এছডিএম নৌটনৱা, নবীন প্ৰসাদক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে সেই স্থানলৈ প্ৰেৰণ কৰা হয়, আৰু এডিএম (এফ/আৰ) সোণাউলীয়ে নেপাল প্ৰশাসনৰ সৈতে সমন্বয় সাধন কৰি আছে। ততাতৈয়াকৈ চাৰিখন এডভান্সড লাইফ চাপৰ্ট এম্বুলেন্সকে ধৰি দহখন এম্বুলেন্স ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।
নিৰ্মা মৌৰ্য (৩০) আৰু কাব্য মৌৰ্য নামৰ শিশুৰ মৃত্যুৰ কৰুণ খবৰ। আন আহতসকলৰ চিকিৎসাধীন হৈ আছে। জিলা দণ্ডাধীশে জনোৱা মতে, মহাৰাজগঞ্জ জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা দলটোক হাই এলাৰ্টত ৰখা হৈছে, আৰু আহতসকলৰ বাবে বিচনা সংৰক্ষণ কৰা হৈছে। নেপাল প্ৰশাসনেও প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়াইছে। জিলা দণ্ডাধীশগৰাকীয়ে উল্লেখ কৰে যে এই ঘটনা সন্দৰ্ভত নেপাল প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ অব্যাহত আছে। আহত আৰু মৃতকৰ পৰিয়ালক নেপাললৈ লৈ যোৱাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হৈছে। জিলা দণ্ডাধীশে আহত আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
এই ঘটনাক লৈ মুখ্যমন্ত্ৰী যোগীৰ শোক প্ৰকাশ, আৰ্থিক সাহায্যৰ ঘোষণা
নেপালত সংঘটিত হোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সচেতন হৈ পৰিছে। এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ তেওঁ সমবেদনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে । লগতে আহতসকলৰ উন্নত চিকিৎসা আৰু সহায়ৰ কথাও ঘোষণা কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া