মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে বিৰোধীৰ পুনৰ জাননী
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰত পৰামৰ্শ প্ৰদান কৰি ৰাজ্যসভাত জাননী দাখিল কৰিছে বিৰোধী দলৰ ৭৩ গৰাকী সাংসদে। জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰি ৰাজ্যসভাৰ সচ
मुख्य निवडणूक आयुक्त ज्ञानेश कुमार


নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰত পৰামৰ্শ প্ৰদান কৰি ৰাজ্যসভাত জাননী দাখিল কৰিছে বিৰোধী দলৰ ৭৩ গৰাকী সাংসদে। জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰি ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত এই প্রস্তাৱৰ জাননী দাখিল কৰিছে৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে শুকুৰবাৰে কয় যে ২০২৬ চনৰ ১৫ মাৰ্চৰ পিছৰ পৰিঘটনা আৰু সিদ্ধান্তৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সংবিধানৰ ৩২৪(৫) অনুচ্ছেদ আৰু ১২৪(৪) অনুচ্ছেদৰ বিধানৰ লগতে নিৰ্বাচন আয়ুক্ত আৰু ন্যায়াধীশৰ সৈতে জড়িত আইনসমূহৰ অধীনত এই প্ৰস্তাৱ অনা হৈছে।

ৰমেশে উল্লেখ কৰে যে বিৰোধীয়ে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে ৯টা নিৰ্দিষ্ট অভিযোগ বিতংভাৱে উল্লেখ কৰিছে, যিবোৰ অস্বীকাৰ কৰিব নোৱাৰি। জ্ঞানেশ কুমাৰৰ কাৰ্যকাল অব্যাহত ৰখাটোৱে সাংবিধানিক মৰ্যাদা খৰ্ব কৰা, তেওঁৰ কাম নিৰপেক্ষ হোৱা নাই, চৰকাৰৰ প্ৰভাৱত কাম কৰি থকা বুলিও তেওঁ উল্লেখ কৰে।

লক্ষণীয় যে বিৰোধীৰ এনেধৰণৰ দ্বিতীয়টো প্রচেষ্টা৷ ইয়াৰ পূৰ্বে ১২ মাৰ্চত ১৯৩ গৰাকী সাংসদ (ৰাজ্যসভাত ৬৩ জন, লোকসভাত ১৩০ জন) জাননীত স্বাক্ষৰ কৰিছিল। এই কথা নাকচ কৰিলে ৰাজ্যসভাৰ অধ্যক্ষ আৰু লোকসভাৰ অধ্যক্ষই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande