ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ নীৰৱ কৃষি বিপ্লৱ
নগাঁও, ২৪ এপ্ৰিল (হি.স.)। জাতি,মাটি,স্বদেশ, স্বাভিমান ৰক্ষাৰ বাবে তেওঁ সদায় সৰব। ৰাজপথৰ উত্তপ্ত পৰিৱেশত যাৰ কণ্ঠই কঁপাই তোলে আকাশ-বতাহ, সেইগৰাকী যুৱক এতিয়া ব্যস্ত নিজৰ কৃষি কাৰ্যত। তেওঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কাকতি। আন্দোলনৰ সমান্তৰা
ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ নীৰৱ কৃষি বিপ্লৱ


নগাঁও, ২৪ এপ্ৰিল (হি.স.)। জাতি,মাটি,স্বদেশ, স্বাভিমান ৰক্ষাৰ বাবে তেওঁ সদায় সৰব। ৰাজপথৰ উত্তপ্ত পৰিৱেশত যাৰ কণ্ঠই কঁপাই তোলে আকাশ-বতাহ, সেইগৰাকী যুৱক এতিয়া ব্যস্ত নিজৰ কৃষি কাৰ্যত। তেওঁ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কাকতি। আন্দোলনৰ সমান্তৰালভাৱে তেওঁ আৰম্ভ কৰিছে এক নীৰৱ কৃষি বিপ্লৱ। কাঠফুলা খেতিৰে স্বাৱলম্বীতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ছাত্ৰ নেতাগৰাকীয়ে।

এইয়া ৰহাৰ সঞ্জয় কাকতি। ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি। কিন্তু এই মুহূৰ্তত তেওঁৰ পৰিচয় এজন সফল কৃষক হিচাপেহে। জাতীয় সংগঠনৰ গুৰু দায়িত্ব পালন কৰাৰ মাজতেই সঞ্জয় কাকতিয়ে নিজকে ব্যস্ত ৰাখিছে কাঠফুলা খেতিত। ভাষণতে আৱদ্ধ নাথাকি স্বাৱলম্বীতাৰ মন্ত্ৰৰে দীক্ষিত সঞ্জয়। তেওঁৰ মতে, কেৱল আন্দোলন কৰিলে জাতি বাছি নাথাকে, জাতিটো অৰ্থনৈতিকভাৱে সবল হ’ব লাগিব। সেই লক্ষ্যৰেই কোনো চৰকাৰী সহায় অবিহনে নিজৰ প্ৰচেষ্টাত তেওঁ গঢ়ি তুলিছে এই কাঠফুলাৰ ফাৰ্ম। যি সময়ত কৰ্মসংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে ৰাজ্যৰ যুৱক যুৱতী বহিঃৰাজ্যলৈ সেইসময়তে ছাত্ৰ নেতা সঞ্জয় কাকতি হৈ পৰিছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন।ৰাজপথৰ সংগ্ৰাম আৰু পথাৰৰ কৃষি বিপ্লৱক একেলগে আগুৱাই নি তেওঁ প্ৰমাণ কৰি দিছে যে— কৰ্মই ধৰ্ম আৰু শ্ৰমেই জয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande