
কাৰ্বি আংলং, ২৪ এপ্ৰিল (হি.স.)। ৯ এপ্ৰিলৰ ভোট গ্ৰহণৰ দিনটোৰ পৰা নিখোঁজ হৈ থকা কাৰ্বি আংলঙৰ ধনশিৰিৰ শিক্ষক কৰ্ণেলিয়াছ কিন্দোৰ মৃতদেহ উদ্ধাৰ হৈছিল ১৮ এপ্ৰিলত।
হাওৰাঘাট বিধানসভা সমষ্টিৰ ভোট কেন্দ্ৰ ছাৰপ' কাথাৰ এল পি স্কুলত নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈ থকা সময়তে অসুস্থ হৈ পৰা শিক্ষকগৰাকী হঠাতে অন্তৰ্ধান হৈ পৰিছিল ভোট কেন্দ্ৰটোৰ পৰা। শিক্ষক কিন্দোৰ সন্ধানত অভিযান আৰম্ভ চলাই বিফল হোৱাৰ অন্তত ভোট কেন্দ্ৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত ১০ দিনৰ দিনা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহটো।
শিক্ষক কিন্দোৰ মৃত্যুৰ ৰহস্য ভেদ কৰাৰ বাবে সেয়ে সজোৰে দাবী উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থা 'আছা'ৰ লগতে অন্যান্য বিভিন্ন সংগঠনে। শুকুৰবাৰে সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে কাৰ্বি আংলং জিলা আয়ুক্তক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ CBI তদন্ত দাবী কৰে। ভোট কেন্দ্ৰটোত নিয়োজিত হৈ থকা প্ৰতিজন বিষয়াকে তদন্তৰ আওতালৈ আনিব লাগে বুলিও সংগঠনটোৱে দাবী জনায়। লগতে শিক্ষক কিন্দোৰ মৃত্যুৰ উচিত ক্ষতিপূৰণ আৰু তেওঁৰ কন্যাক এটা চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দাবী জনায়।
জিলা আয়ুক্ত আৰণ্যক শইকীয়াই ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ হোৱা বুলি জানিব দি শিক্ষকগৰাকীৰ পৰিয়ালবৰ্গই অতিশীঘ্ৰে ক্ষতিপূৰণ লাভ কৰিব বুলি কয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু