
দৰং, ২৪ এপ্ৰিল (হি.স.)। ছিপাঝাৰত অসম মালা পথৰ ক্ষতিপূৰণ আদায় দিয়াৰ নামত একাংশ লোকক বঞ্চিত কৰাৰ অভিযোগ উঠিছে। বিশেষকৈ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভুক্তাবাৰী গাঁৱৰ বহু সংখ্যক লোকৰ ভূমি অধিগ্ৰহণ কৰা হৈছিল অসম মালা পথ নিৰ্মাণত। ইয়াৰে মুষ্টিমেয় কিছু লোকক ক্ষতিপূৰণ আদায় দিয়া হল যদিও বৰ্তমানলৈকে বহু কেইটা পৰিয়ালে এনে ক্ষতিপূৰণ লাভ নকৰিলে। ক্ষতিপূৰণৰ পৰা বঞ্চিত হই পৰিয়াল সমূহৰ পানীত হাহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।
ফলত ছিপাঝাৰৰ পৰা টংলা সংযোগী অসম মালা পথত ভূমি অধিগ্ৰহণ হোৱা বহু কেইটা পৰিয়ালৰ লোকে কাৰ্য্যালয়লৈ তাঁতবাটি কাৰিও কোনো সুফল লাভ কৰা নাই। যাৰ ফলত এতিয়া মাটি হেৰুৱাই মূৰে কপালে হাত দিছে এই লোক সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা