
শিৱসাগৰ, ২৪ এপ্ৰিল (হি.স.): শিৱসাগৰ জিলাৰ হালোৱাটিঙত এটা পথ পথৰ দুৰৱস্থাই যাতায়াতত যমৰ যাতনা ভুগাইছে। জৰাজীৰ্ণ হৈ পৰা হালোৱাটিং বজাৰৰ বৰা কলনি পথটো এজাক সামান্য বৰষুণতেই পানীত ডুব যায় । পুৰণি আমগুৰি সমষ্টিত অন্তৰ্ভুক্ত হৈ থকা ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী এই পথটো নিৰ্মাণ অথবা মেৰামতি কৰিবলৈ সময় নাপালে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই।
এজাক সামান্য বৰষুণ অহাৰ লগে লগে পানীত ডুব যোৱা এই পথেদি যাতায়াত কৰাত যমৰ যাতনা ভুগে এই বৰা কলনিৰ প্ৰায় ৩০০ পৰিয়ালৰ লোকসকলে ।শিক্ষানুষ্ঠানলৈ যোৱা ছাত্ৰ ছাত্ৰী সকলে হাতত চেণ্ডেল লৈ যাতায়াত কৰিব লগা হয়। ৰোগীক চিকিৎসালয়লৈ কঢ়িয়াই নিবলৈয়ো আগবাঢ়ি নাহে কোনো ধৰণৰ বাহন। ৰাইজে এই পথটোৰ নিৰ্মাণৰ বাবে পঞ্চায়ত অথবা বিভিন্ন বিভাগৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সু ফল পোৱা নাই । বিশেষকৈ বাৰিষা আগমনৰ লগে লগে যাতায়াতত জীয়াতু ভুগিব লগা হৈছে ৰাইজে। নিৰ্বাচন আহিছে গৈছে বৰা কলনিৰ ৰাইজে ভোটদান কৰিছে যদিও ৰাইজৰ এই পথৰ সমস্যা সমাধান কৰিবলৈ আহৰি নাপালে জনপ্ৰতিনিধি অথবা পঞ্চায়তৰ বিষয়ববীয়াই।
আমগুৰি সমষ্টি বিলুপ্তি ঘটাৰ পিছতেই এই হালোৱাটিং বজাৰৰ বৰা কলনি নৱ গঠিত নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হয় । বৰা কলনিৰ ৰাইজৰ পথৰ এই সমস্যা সমাধানৰ বাবে নাজিৰা বিধান সভা সমষ্টিৰ আগন্তুক হ'ব লগা জনপ্ৰতিনিধি গৰাকীয়ে ৰাইজক সকাহ দিবলৈ আগবাঢ়ি আহে নে নাহে সেইয়া আগন্তক সময়তহে লক্ষণীয় হ'ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ