দেৰগাঁৱত সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত
গোলাঘাট, ২৪ এপ্ৰিল (হি.স.)। দেৰগাঁৱত সংঘটিত ভয়ানক পথ দূৰ্ঘটনা। দেৰগাঁও -গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ নাৰিকলগুৰিত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো। ঘটনাত কৰুণ মৃত্যু এজন যুৱকৰ। মৃত যুৱকজনৰ নাম শ্যাম সুন্দৰ পেগু। যুৱক জনৰ ঘৰ দেৰগাঁও পৌ
দেৰগাঁৱত সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত


গোলাঘাট, ২৪ এপ্ৰিল (হি.স.)। দেৰগাঁৱত সংঘটিত ভয়ানক পথ দূৰ্ঘটনা। দেৰগাঁও -গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ নাৰিকলগুৰিত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো। ঘটনাত কৰুণ মৃত্যু এজন যুৱকৰ। মৃত যুৱকজনৰ নাম শ্যাম সুন্দৰ পেগু। যুৱক জনৰ ঘৰ দেৰগাঁও পৌৰসভাৰ চাৰি নং ৱাৰ্ডৰ চকিয়াল প্ৰগতি নগৰৰ।

মৃ্ত যুৱকজন আই টি আই ফিটাৰৰ প্ৰশিক্ষন শেষ কৰি নিজৰ ঘৰতে আছিল। যুৱক জনৰ পিতৃ এজন শিক্ষক ।দেৰগাঁও-গোলাঘাট পথটো নতুনকৈ নিৰ্মান হোৱাৰ পিছত ভয়াবহ গতিত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। নগালেণ্ডৰ পৰা তীব্ৰ গতিত আহি থকা টাটা চুমুৱে উক্ত পথ দূৰ্ঘটনাটো সংঘটিত কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande