মান্দাৰদিছা আৰক্ষীৰ অভিযানত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ
মান্দাৰদিছা আৰক্ষীৰ অব্যাহত ড্ৰাগছ বিৰোধী অভিযান।
মান্দাৰদিছা আৰক্ষীৰ অভিযানত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ


কাছাৰ ২৪ এপ্ৰিল (হি.স.): কাছাৰৰ মান্দাৰদিছা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া চলোৱা অভিযানত ৬৩৬ গ্ৰাম ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰীটোৰ নাম শ্বৰীফুল ইছলাম বুলি জানিব পৰা গৈছে।

শিলচৰৰ পৰা নগাঁও অভিমুখে সৰবৰাহকাৰীটোৱে ড্ৰাগছলৈ যোৱাৰ সময়ত আৰক্ষীয়ে এএছ ১২ টি ৩৯৪৮ নম্বৰৰ বাহনৰ পৰা জব্দ কৰে ড্ৰাগছ খিনি। জব্দকৃত ড্ৰাগছ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫ কোটি টকা । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande