নেপালত উদ্যোগপতি আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাত ব্যক্তিগত খণ্ডৰ আপত্তি প্ৰকাশ
কাঠমাণ্ডু, ২৪ এপ্ৰিল (হি.স.)। নেপালত উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ ওপৰত চলোৱা দমন কাৰ্য্যই ব্যক্তিগত খণ্ডৰ ভিতৰত এক শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। নেপাল উদ্যোগ আৰু বাণিজ্য ফেডাৰেচনৰ প্ৰাক্তন সভাপতি শেখৰ গোলছাক গ্ৰেপ্তাৰ কৰাৰ পিছতে শুকুৰবাৰে ব্যক্তিগত খণ
नेपाल के निजी क्षेत्रों के संगठनों के प्रतिनिधि


কাঠমাণ্ডু, ২৪ এপ্ৰিল (হি.স.)। নেপালত উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ ওপৰত চলোৱা দমন কাৰ্য্যই ব্যক্তিগত খণ্ডৰ ভিতৰত এক শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। নেপাল উদ্যোগ আৰু বাণিজ্য ফেডাৰেচনৰ প্ৰাক্তন সভাপতি শেখৰ গোলছাক গ্ৰেপ্তাৰ কৰাৰ পিছতে শুকুৰবাৰে ব্যক্তিগত খণ্ডই চৰকাৰৰ এই কাৰ্যক লৈ আপত্তি প্ৰকাশ কৰে।

নেপাল উদ্যোগ আৰু বাণিজ্য ফেডাৰেচনৰ প্ৰাক্তন সভাপতি শেখৰ গোলছাক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে নেপালৰ আন এটা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান শংকৰ গ্ৰুপৰ অধ্যক্ষ তথা এম ডি শংকৰ আগৰৱালাক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ পিছতে শুকুৰবাৰে নেপাল উদ্যোগ আৰু বাণিজ্য ফেডাৰেচন, নেপাল উদ্যোগ সংঘ আৰু নেপাল চেম্বাৰ অৱ কমাৰ্চে এক যৌথ বিবৃতিত কয় যে কেৱল নিয়ন্ত্ৰণকাৰী সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত উদ্যোগপতি আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে । অর্থনৈতিক অপৰাধৰ গোচৰত প্রথমে সংশ্লিষ্ট পক্ষৰ শুনানি আৰু অপৰাধ প্রমাণ হোৱাৰ পাছতহে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

ব্যক্তিগত খণ্ডই কয় যে নতুন চৰকাৰ গঠনৰ ফলত স্থিতিশীলতা আৰু অনুকূল বিনিয়োগৰ পৰিৱেশৰ আশাৰ সৃষ্টি হৈছিল যদিও উদ্যোগী আৰু ব্যৱসায়ীসকলক গ্ৰেপ্তাৰ আৰু আটক কৰি ৰখাই তেওঁলোকক নিৰুৎসাহিত কৰিছে । তেওঁলোকৰ মতে অৰ্থনীতিত ৮১ শতাংশ আৰু নিয়োগত ৮৬ শতাংশ অৰিহণা যোগোৱা ব্যক্তিগত খণ্ডই যদি ভয়ৰ পৰিৱেশৰ সন্মুখীন হৈ থাকে তেন্তে ইয়াৰ অৰ্থনীতি, নিয়োগ, ৰাজহ, আন্তঃগাঁথনি উন্নয়নত গুৰুতৰ প্ৰভাৱ পৰিব ।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে উদ্যোগীসকলে তদন্তত সহযোগিতা আৰু আৰক্ষীৰ আহ্বানত হাজিৰ হ’বলৈ ইচ্ছুক। কিন্তু অৰ্থনৈতিক অপৰাধৰ গোচৰত গ্ৰেপ্তাৰ অব্যাহত থকাৰ বাবে সমগ্ৰ ব্যক্তিগত খণ্ডই উদ্বিগ্ন আৰু দুৰ্দশাগ্ৰস্ত কৰি তুলিছে । তেওঁলোকে কয় যে এনে কাৰ্য্যই কেৱল ব্যক্তিকে নহয়, লাখ লাখ চাকৰি, যোগান শৃংখল, বেংকিং খণ্ড, আৰু সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাতো প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত দেশখনক গুৰুতৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ।

ব্যক্তিগত খণ্ডই লগতে কয় যে চৰকাৰে শেহতীয়াকৈ নীতি আৰু আইন প্ৰণয়নত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি কৰিছে, যিটো ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছিল । ব্যক্তিগত খণ্ডৰ সুৰক্ষা আৰু প্ৰসাৰ কৌশলতো কেবিনেটে অনুমোদন জনায় যদিও এই সময়ছোৱাত সংঘটিত হোৱা গ্ৰেপ্তাৰৰ ঘটনাই ব্যক্তিগত খণ্ডক আৰু অধিক চিন্তিত কৰি তুলিছে । বিবৃতিটোত উল্লেখ কৰা হৈছে যে যদি কোনো লোকক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁক আইনৰ অধীনত শাস্তি দিয়া উচিত । এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ কোনো আপত্তি নাই যদিও মৰ্যাদাৰে জীয়াই থকাৰ সাংবিধানিক অধিকাৰ আৰু দোষী প্ৰমাণ নোহোৱালৈকে কাকো দোষী বুলি গণ্য নকৰাৰ নীতি মানি চলিব লাগিব ।

ব্যক্তিগত খণ্ডই আশা প্ৰকাশ কৰিছিল যে নতুন চৰকাৰৰ নীতি আৰু ব্যৱসায়-বন্ধুত্বপূৰ্ণ পন্থাই প্ৰায় চাৰি বছৰ ধৰি মন্থৰ হৈ থকা অৰ্থনীতিক উত্থান ঘটাব । কিন্তু তেওঁলোকে কয় যে এনে ঘটনাই বিনিয়োগ বৃদ্ধি আৰু বিনিয়োগকাৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰচেষ্টাক ৰে’লপথৰ পৰা নমাই আনিব নালাগে । ব্যক্তিগত খণ্ডই চৰকাৰক গুৰুত্বসহকাৰে বুজিবলৈও আহ্বান জনাইছে যে ব্যক্তিগত বিনিয়োগ আৰু উদ্যোগীসকলৰ উদ্যমেৰেহে দেশৰ সমৃদ্ধি সম্ভৱপৰ ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande