নেপাল মেডিকেল কাউন্সিলৰ ১৭ জন চিকিৎসকৰ অনুজ্ঞাপত্ৰ বাতিল
কাঠমাণ্ডু, ২৪ এপ্ৰিল (হি.স.)। নেপাল মেডিকেল কাউন্সিলে নেপালী নাগৰিকত্ব ত্যাগ কৰা ১৭ গৰাকী চিকিৎসকৰ চিকিৎসা অনুজ্ঞাপত্ৰ বাতিল কৰিছে। পৰিষদে এক জাননী জাৰি কৰি কয় যে নেপালী নাগৰিকত্ব ত্যাগ কৰি বিদেশী নাগৰিকত্ব লোৱা চিকিৎসকৰ অনুজ্ঞাপত্ৰ পঞ্জীয়ন বাতিল
नेपाल मेडिकल काउंसिल


কাঠমাণ্ডু, ২৪ এপ্ৰিল (হি.স.)। নেপাল মেডিকেল কাউন্সিলে নেপালী নাগৰিকত্ব ত্যাগ কৰা ১৭ গৰাকী চিকিৎসকৰ চিকিৎসা অনুজ্ঞাপত্ৰ বাতিল কৰিছে। পৰিষদে এক জাননী জাৰি কৰি কয় যে নেপালী নাগৰিকত্ব ত্যাগ কৰি বিদেশী নাগৰিকত্ব লোৱা চিকিৎসকৰ অনুজ্ঞাপত্ৰ পঞ্জীয়ন বাতিল কৰা হৈছে।

জাননীখনত কোৱা হৈছে যে, নেপাল চিকিৎসা পৰিষদ আইন, নিয়ম, আৰু নেপালী নাগৰিকত্ব আইন অনুসৰি বিদেশী নাগৰিকত্ব লাভ কৰা চিকিৎসকসকলক পৰিষদৰ পঞ্জীয়নৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হৈছে।

অনুজ্ঞাপত্ৰ বাতিল হোৱা চিকিৎসকৰ ভিতৰত আছে ডাঃ শৰ্মিলা গুৰুং, ডাঃ ৰোশন ভুছাল, ডাঃ মতি গুৰুং, ডাঃ দেৱৰাজ ৰেগমী, ডাঃ মেৰিনা গুৰুং, ডাঃ নিৰঞ্জনদেৱ পাণ্ডে, ডাঃ ৰোজন কে চি, ডাঃ মমতা গুৰুং, ডাঃ ৰাজীৱ হামাল, ডাঃ ছালুজা সিং থাৰু, ডাঃ সুজানা কে চি, ডাঃ জোছনা শ্বাহি, ডা. মনীষা হামাল, আৰু ডাঃ সুপ্ৰিয়া শাক্য।

একেদৰে ড০ ইচ্ছ্ছা নিউপানে, ডাঃ দিপেন ঢকাল, আৰু ড০ তুষাৰ সৰ্বজ্ঞানৰ অনুজ্ঞাপত্ৰ পঞ্জীয়নও বাতিল কৰা হৈছে। পৰিষদৰ মতে এই চিকিৎসকসকলৰ ভাৰতীয়, ব্ৰিটিছ, আমেৰিকান, অষ্ট্ৰেলিয়া, আৰু হংকঙৰ নাগৰিকত্ব আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande