
নগাঁও, ২৪ এপ্ৰিল (হি.স.)। নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত নিশা ডকাইতে চলালে লুটপাত। ডকাইতৰ দলটোৱে ৰডেৰে আক্ৰমন কৰে চিকিৎসক দম্পতিক। ডকাইতৰ আক্ৰমণত গুৰুতৰ ভাবে আহত ডা° ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নী। আহত দুয়োকে জিএমচিএইছ লৈ প্ৰেৰণ। ডকাইতে চিকিৎসক দম্পতিৰ বাসগৃহৰ পৰা নগদ ধন আৰু সোণৰ গহনা লুত কৰি নিয়ে।
চিকিৎসক দম্পতিৰ একমাত্ৰ দহ বছৰীয়া বিশেষ ভাবে সক্ষম শিশু গৰাকীক অৱশ্যে কোনো হানি বিঘিনি ঘটোৱাৰ পৰা বিৰত থাকে।
ঘটনাস্থলীত উপস্থিত নগাঁও জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাস। ডকাইতি ঘটনাৰ সন্দৰ্ভত নগাঁও আৰক্ষীয় আৰু ফৰেঞ্চিকৰ দলে আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু