
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। ছত্তীশগড়ৰ শক্তি জিলাৰ এটা তাপ বিদ্যুৎ কেন্দ্ৰত বয়লাৰ টিউব বিস্ফোৰণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বজ্ঞান সচেতনতা গ্ৰহণ কৰিছে। শুকুৰবাৰে আয়োগে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
মন কৰিবলগীয়া যে ১৪ এপ্ৰিলত বয়লাৰৰ টিউব বিস্ফোৰণৰ ফলত প্ৰায় ১৩ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ২০ জন শ্ৰমিক আহত হৈছিল। বিস্ফোৰণৰ পৰা অহা অত্যন্ত গৰম ভাপে আগুৰি ধৰে শ্ৰমিকসকলক। পিছত বয়লাৰটো বন্ধ কৰি ঠাণ্ডা কৰাৰ পিছত আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত শ্ৰমিকসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আয়োগে এই প্ৰতিবেদনত শ্ৰমিকক ক্ষতিপূৰণ বিতৰণৰ অৱস্থা আৰু আহতসকলৰ স্বাস্থ্যৰ অৱস্থা অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া