
নতুন দিল্লী, ২৪ এপ্ৰিল (হি.স.)। তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ এটা ব্যক্তিগত ফটকা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে স্বজ্ঞান লৈ ৰাজ্যখনৰ মুখ্য সচিব আৰু জিলাখনৰ আৰক্ষী অধীক্ষকক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে।
শুকুৰবাৰে আয়োগে কয় যে ২০ এপ্ৰিলত প্ৰকাশিত সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত ৰাসায়নিক মিশ্ৰণ আৰু ঘৰ্ষণৰ বাবে ১৯ এপ্ৰিলত এই বিস্ফোৰণ সংঘটিত হৈছিল। ঘটনাৰ সময়ত কাৰখানাটোত মহিলাসহ ১০০ৰো অধিক শ্ৰমিক উপস্থিত আছিল। আহত শ্ৰমিকসকলক বিৰুধনগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ বদলি কৰা হয়। শেহতীয়াকৈ জিলাখনত সংঘটিত এক অনুৰূপ ঘটনাৰ ফলত চাৰিজন লোকৰ মৃত্যু হৈছে।
আয়োগে এই প্ৰতিবেদনত আহতসকলৰ স্বাস্থ্যৰ অৱস্থা, গোচৰৰ তদন্ত, মৃত আৰু আহতসকলৰ পৰিয়ালক প্ৰদান কৰা ক্ষতিপূৰণৰ সবিশেষ অন্তৰ্ভুক্ত কৰিবলৈ কয়।
উল্লেখযোগ্য যে বিৰুধনগৰ বিস্ফোৰণত ২৩ জন শ্ৰমিক নিহত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া