
মুম্বাই, ২৪ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ বৃহস্পতিবাৰে অনুষ্ঠিত মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ১০৩ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ইতিহাসৰ সৃষ্টি কৰে। ৱানখেড়ে ষ্টেডিয়ামত এই জয় আই পি এলৰ ইতিহাসত চেন্নাইৰ সৰ্ববৃহৎ জয়, আনহাতে ই মুম্বাইৰ আটাইতকৈ ডাঙৰ পৰাজয় বুলি প্ৰমাণিত হ’ল।
টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত চেন্নাইয়ে ২০ অভাৰত ৬ উইকেটত ২০৭ ৰান সংগ্ৰহ কৰে। দলটোৰ জয়ৰ নায়ক হিচাপে পৰিগণিত হৈছিল সঞ্জু চেমছনৰ ৫৪টা বলত ধুমুহাৰ দৰে অপৰাজিত ১০১ ৰান। তেওঁৰ ইনিংছত আছিল ১০টা চাৰি আৰু ৬টা ছয়। ৰুতুৰাজ গাইকোৱাড (২২), দেৱাল্ড ব্ৰেভিছ (২১) আৰু জেমী অভাৰটনে (১৫)ও অৰিহণা যোগাইছে ।
ইফালে ২০৮ ৰানৰ লক্ষ্য খেদি খেদি মুম্বাইৰ আৰম্ভণি দুৰ্বল আছিল । মাত্ৰ ১১ ৰানত ৩ উইকেট হেৰুৱালে দলটোৱে। সূৰ্যকুমাৰ যাদৱ (৩৬) আৰু তিলক বৰ্মাই (৩৭) ৭৩ ৰানৰ অংশীদাৰিত্বৰে কিছু আশাৰ সঞ্চাৰ কৰিছিল যদিও উইকেটৰ পতন অব্যাহত থাকে। মাত্ৰ এক ৰানত হাৰ্দিক পাণ্ডিয়া আউট হয়, আৰু দলটোৱে ১০৪ ৰানত অল আউট হয়।
চেন্নাইৰ হৈ আকিল হুছেইনে ৪ অভাৰত ১৭ ৰানত ৪ উইকেট দখল কৰি চমকপ্ৰদ খেল প্ৰদৰ্শন কৰে। তেওঁৰ বাহিৰেও নূৰ আহমেদে ২টা উইকেট দখল কৰাৰ বিপৰীতে মুকেশ চৌধুৰী, গুৰজাপনীত সিং আৰু জেমী অভাৰটনে এটাকৈ উইকেট দখল কৰে।
এই বিজয়ে বহু অভিলেখ কঢ়িয়াই আনিছিল। চেন্নাইয়ে মুম্বাইৰ বিৰুদ্ধে সৰ্বাধিক ব্য়ৱধানত জয়ী দল হোৱাৰ গৌৰৱ অৰ্জন কৰে। ৰাণৰ পাৰ্থক্যৰ ক্ষেত্ৰত এই মেচখন চেন্নাইৰ সৰ্ববৃহৎ জয় আৰু আই পি এলত মুম্বাইৰ আটাইতকৈ বৃহৎ পৰাজয় চিহ্নিত হৈ পৰে।
এই জয়েৰে চেন্নাই ছুপাৰ কিংছ পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছ অষ্টম স্থানলৈ পিছলি যায় ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া