সৰভোগত মোবাইল টাৱাৰৰ বেটাৰী চুৰিত জৰিত বৃহৎ চক্ৰ উৎখাট আৰক্ষীৰ
বৰপেটা, ২৪ এপ্ৰিল (হি.স.)। বৰপেটা জিলাৰ সৰভোগত মোবাইল টাৱাৰৰ বেটাৰী চুৰিত জৰিত বৃহৎ চক্ৰ উৎখাট আৰক্ষীৰ | বৰ্তমানলৈকে বেটাৰী চুৰি চক্ৰৰে জৰিত ৪ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে চক্ৰটোৰ পৰা ১২ টাকৈ লিথিয়াম বেটেৰী জব্দ কৰিছে আৰক্ষীয়ে | বৰপেটাৰ অপৰাধ শাখাৰ অত
সৰভোগত মোবাইল টাৱাৰৰ বেটাৰী চুৰিত জৰিত বৃহৎ চক্ৰ উৎখাট আৰক্ষীৰ


বৰপেটা, ২৪ এপ্ৰিল (হি.স.)। বৰপেটা জিলাৰ সৰভোগত মোবাইল টাৱাৰৰ বেটাৰী চুৰিত জৰিত বৃহৎ চক্ৰ উৎখাট আৰক্ষীৰ | বৰ্তমানলৈকে বেটাৰী চুৰি চক্ৰৰে জৰিত ৪ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে চক্ৰটোৰ পৰা ১২ টাকৈ লিথিয়াম বেটেৰী জব্দ কৰিছে আৰক্ষীয়ে | বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সৰভোগ থানাত এখন সংবাদমেলত বেটেৰী চুৰি জৰিত গেংটোৰ বিষয়ে আজি সদৰি কৰে |

অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সদৰি কৰা অনুসৰি সৰভোগ আৰক্ষীয়ে ইতিমধ্যে লিথিয়াম বেটাৰী চুৰিত জৰিত চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই হাউলীৰ ভেৰাগাঁৱৰ চাইফুল ইছলাম, ধানবন্ধা গাঁওৰ শুকুৰ আলী আৰু বাঘবৰৰ সত্ৰকনৰা গাঁওৰ মুক্তাৰ মোল্লা আৰু সাহাদত শিকদাৰক গ্ৰেপ্তাৰ কৰি আদালতৰ অনুমতি সাপেক্ষে নিজৰ জিম্মাত লৈ অনুসন্ধান চলাই আছে |

টাৱাৰৰ লিথিয়াম বেটাৰী চুৰি চক্ৰটোৱে আৰক্ষীক দিয়া স্বীকাৰ কৰা অনুসৰি দিনৰ ভাগত তেওঁলোকে মোবাইলৰ টাৱাৰ সমুহত ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰাৰ বিপৰীতে নিশা হ'লেই তেওঁলোক নামি পৰে বেটাৰী চুৰি কাৰ্যত |

ইপিনে চুৰি বেটাৰী সমুহ ক্ৰয় কৰা কেইবাজনো গ্ৰাহকক আটক কৰি আৰক্ষীয়ে সােধাপোচা চলাই থকা বুলিও প্ৰকাশ কৰে আৰক্ষী বিষয়া গৰাকীয়ে |

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande